Local, Vocal, Global

WATCH | Self-reliant youth: কাঠফুলা খেতিৰে স্বাৱলম্বী এজন যুৱক

উত্তৰ গুৱাহাটীৰ,৫মাৰ্চ : কাঠফুলা খেতিৰে স্বাৱলম্বী এজন যুৱক। চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি কাঠফুলাৰ খেতি কৰিছে উত্তৰ গুৱাহাটীৰ দীঘ্ৰেৰ্শ্বৰী দেৱালয়ৰ কুশল কুমাৰ দাস নামৰ লোকজনে।

বৰ্তমান ঘৰতে বৈজ্ঞানিক পদ্ধতিৰে উন্নত পৰ্যায়ৰ কাঠফুলা খেতি কৰি নিজৰ লগতে পৰিয়াল পোহপাল দিছে যুৱকজনে(Self-reliant youth)।

চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহী নহৈ বিগত ৭ বছৰে ঘৰতে কম মূলধনৰে আৰম্ভ কৰা কুশলৰ কাঠফুলাৰ চাহিদা এতিয়া যথেষ্ট ।

কৃষি বিভাগত লোৱা প্ৰশিক্ষণৰ পৰা বৰ্তমান কুশলে আনকো দি আহিছে কাঠফুলাৰ খেতিৰ প্ৰশিক্ষণ।

কিয়নো কাঠফুলা এতিয়া অসমীয়া সমাজত প্ৰচলিত সুস্বাদু খাদ্য।

বহি:ৰাজ্যৰ কোম্পানীত শ্ৰমিকৰ চাকৰি বিচাৰি নগৈ ঘৰতে ব্যৱসায় ভিত্তিত কাঠফুলা খেতি কৰিলে তাত পোৱা দৰমহাতকৈ বেছি উপাৰ্জন কৰিব পাৰি বুলি মতপোষণ কাঠফুলা খেতিয়ক কুশল দাসৰ।

লগতে পঢ়ক:WATCH | Darrang News : দৰঙৰ শিক্ষা বিষয়াৰ বিৰুদ্ধে সৰৱ দৰং জিলা ছাত্ৰ সন্থা