Local, Vocal, Global

WATCH | Self-reliant youth: কাঠফুলা খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন চাপৰৰ এজন যুৱকৰ

চাপৰ,৩মাৰ্চ : কাঠফুলা খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন চাপৰৰ এজন যুৱকৰ। চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি বাৰুণীতাৰা গাঁৱৰ বিশ্বজিৎ অধিকাৰী ঘৰতে আৰম্ভ কৰিছে কাঠফুলাৰ খেতি।

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাৰুণিতাৰা গাওঁৰ নিবাসী বিশ্বজিৎ অধিকাৰীয়ে কাঠফুলা খেতি কৰি দাঙি ধৰিলে এই স্বাৱলম্বীতাৰ নিদৰ্শন(Self-reliant youth)।

আন আন নিবনুৱা যুৱক যুৱতীৰ বাবে এক উদাহৰণ হৈ থিয় দিছে বাৰুণীতাৰা গাঁৱৰ বিশ্বজিৎ অধিকাৰীয়ে।

চৰকাৰী ভাবে কোনো ধৰণৰ সহায় নোপোৱাকৈ নিজৰ গাঁঠিৰ ধনেৰে খেতি কৰি দৈনিক ১৫-২০ কেজিকৈ কাঠফুলা উৎপাদন কৰি প্ৰতিদিনে ৩-৪ হেজাৰকৈ টকা আয় কৰিবলৈ সক্ষম হৈছে যুৱক জনে।

একমাত্ৰ উপাৰ্জনকাৰী বিশ্বজিৎ অধিকাৰীয়ে মাশ্ৰুম খেতিৰে নিজৰ পৰিয়ালটোক পোহপাল দি আছে।

চৰকাৰৰ পৰা কিছু আৰ্থিক সহায় পালে আগলৈও আৰু ব্যৱসায় ডাঙৰ কৰাৰ আশা যুৱক গৰাকীৰ।

লগতে পঢ়ক :WATCH | Mysterious Death of Assam Youth :পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ