Self-reliant youth: খেতিৰে স্বাৱলম্বীতাৰ মুখ দেখা দেৰগাঁৱৰ ডিম্বেশ্বৰ গগৈ
দেৰগাঁও,৬জানুৱাৰী : এজন অসমীয়া কৃষকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ। ৩৫০ বিঘা মাটিত একক প্ৰচেষ্টাত কৃষি কৰি সফলতা লাভ কৰিছে কৃষক জনে।
দেৰগাঁও বাদুলিপাৰ কাণফলাৰ এজন খেতিয়ক ডিম্বেশ্বৰ গগৈয়ে দেখুৱাইছে আদৰ্শৰ নিদৰ্শন। আনৰ খেতিত কাম কৰা খেতিয়কজন আজি ৩৫০ বিঘা মাটিৰ গৰাকী ৷
যিটো সময়ত বজাৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক , সেই সময়তে কৃষি বিপ্লৱ আৰম্ভ কৰিছে আদৰ্শ কৃষক ডিম্বেশ্বৰ গগৈয়ে। ৪৫ টা বৰ্ষ তেওঁ কৃষিৰ লগত জড়িত ৷ বছৰটো বাৰমাহে খেতি লগত জড়িত হৈ থাকে ডিম্বেশ্বৰ গগৈ নামৰ কৃষকজন(Self-reliant youth)।
এই বৰ্ষ বানপানীৰ ফলত যথেষ্ট ক্ষতিসাধন হ’ল তেখেতৰ খেতি পথাৰ । তথাপিও তেওঁ শেষতীয়াকৈ আৰম্ভ কৰিছে খেতি । তেওঁ ৩৫০ বিঘা মাটিত বিভিন্ন খেতি আৰম্ভ কৰিছে । বিশেষকৈ ২৫০ বিঘা মাটিতে তেওঁ সৰিয়হ , আলু, কেৰেলা ,বিলাহী, মূলা ,ৰঙালাও , আদি বিভিন্ন কৃষিজাত সামগ্ৰী লগতে মৌ,এৰি,মীন,গাহৰী, গৰু -ছাগলী পালন কৰি স্বাৱলম্বীতাৰ পথ দেখুৱাইছে। বহুজন নিবনুৱা যুৱকক সংস্থাপন আগবঢ়াইছে।
তেওঁৰ লগতে প্ৰায় ২০/২৫ টা পৰিয়াল জড়িত হৈ আছে। বজাৰো আমাৰ পথাৰও আমাৰ , ডিম্বেশ্বৰ গগৈ নামৰ ব্যক্তিজনে গোলাঘাট জিলাতে আৰম্ভ কৰিছে কৃষি বিপ্লৱ । হৈ পৰিছে তেওঁ বহুতৰ বাবে বৰ্তমান আদৰ্শ । শূন্যৰ পৰা ৩৫০ বিঘা মাটি লৈকে এক দীঘলীয়া সংগ্ৰাম।
লগতে পঢ়ক :HMPV virus cases:বেংগালুৰুত ধৰা পৰিছে প্ৰথমটো HMPV সংক্ৰমণ