Self-reliant youth : মেৰাপানীৰ দুই যুৱকৰ প্ৰশংসনীয় পদক্ষেপ! ধূপকাঠি নিৰ্মাণেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে দুই যুৱকে
মেৰাপানী,১৩জুন : মেৰাপানীৰ দুই যুৱকৰ প্ৰশংসনীয় পদক্ষেপ! ধূপকাঠি নিৰ্মাণেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে দুই যুৱকে ।
ক্ষুদ্ৰ উদ্যোগ গঢ়ি স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে গোলাঘাট জিলাৰ মেৰাপানীস্থিত নলনি পথাৰ গাঁৱৰ দুই যুৱকে।
যি সময়ত কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ ভালে সংখ্যক নিবনুৱা যুৱক-যুৱতী বহিঃৰাজ্যলৈ ঢাপলি মেলিছে ঠিক তেনে সময়তে গোলাঘাট জিলাৰ মেৰাপানীৰ নলনিপথাৰ গাঁওৰ দুই বন্ধুৱে সমাজত স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। দুই বন্ধু অৰূপ বৰা আৰু জীৱন চুতীয়াই চৰকাৰী চাকৰিৰ আশা এৰি, কৰ্মসংস্থাপন লাভৰ বাবে অন্য ঠাইলৈ নগৈ নিজ গৃহতে গঢ়ি তুলিছে এটা ক্ষুদ্ৰ উদ্যোগ।
নিজৰ লগতে আন কেইবাজনো নিবনুৱা যুৱকক দিছে কৰ্ম সংস্থাপন। ক্ষুদ্ৰ উদ্যোগটোত মাংগলিক কামৰ বাবে আমি ব্যৱহাৰ কৰা ধূপ কাঠি তৈয়াৰ কৰি আহিছে দুই বন্ধুৱে। ধূপ কাঠি নিৰ্মাণত ব্যৱহৃত কেচামালসমূহ তেওঁ অসমৰ বাহিৰৰ পৰা আনি ঘৰতে মেচিনেৰে এইসমূহ প্ৰতিদিনে মানুহৰ ঘৰৰ, নামঘৰৰ লগতে প্ৰতিতো মাংগলিক অনুষ্ঠানত ব্যৱহাৰ হোৱা ধুপ কাঠি নিৰ্মাণ কৰে। যুৱক দুজনৰ এই ধৰণৰ কাম দেখি উৎসাহী হৈ অঞ্চলটোৰ বিভিন্নজন এইধৰণৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হৈছে(Self-reliant youth)।
অৰূপ বৰা আৰু জীৱন চুতীয়াই ব্যৱসায়িক পৰিসৰ বৃদ্ধিৰ বাবে গ্ৰাহকৰ বাবে বিশেষ ৰেহাই প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিছে। ইয়াৰ লগতে পাইকাৰী মূল্যত তেওঁলোকৰ ঘৰৰ পৰাও বহুতে এইসমূহ ক্ৰয় কৰি নিয়ে। জীৱন চুতীয়াই নিজৰ বাহনেৰেও স্থানীয় গোলাঘাট জিলা আৰু যোৰহাট জিলাৰ বিভিন্ন অঞ্চললৈ যোগান ধৰে নিজৰ উৎপাদিত সামগ্ৰী। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে এই ব্যৱসায়টোৰে পৰিয়াল পোহপাল দিছে।
এইক্ষেত্ৰত গাওঁ অঞ্চলত থকা এনেসমূহ ক্ষুদ্ৰ উদ্যোগক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰক কিছু সহযোগিতা কৰিবলৈ তেওঁ অনুৰোধ জনায়। আনহাতে যি সকল অসমৰ যুৱক-যুৱতী বহিঃৰাজ্যত কাম কৰি আছে বা বহিঃৰাজ্যলৈ যোৱাৰ কথা চিন্তা কৰি আছে তেখেতলোকক বাহিৰলৈ নগৈ অসমতেই থাকি কাম কৰিবলে আহ্বান জনায় আৰু কোনোবা ইচ্ছুক ব্যক্তিয়ে যদিহে এই দুই যুৱকৰ সৈতে কাম কৰিব বিচাৰে তেন্তে তেওঁলোকক প্ৰশিক্ষণ দিব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়ে দুই যুৱকে।
লগতে পঢ়ক : Drinking Water Issue : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি