Local, Vocal, Global

Self Reliant Youth: লোকবাদ্য নিৰ্মাণ আৰু পৰিৱেশনৰ নিপুণ দক্ষতাৰে উজলিছে এজন যুৱক

মৰিয়নি,৬এপ্ৰিল : লোকবাদ্য নিৰ্মাণ আৰু পৰিৱেশনৰ নিপুণ দক্ষতাৰে উজলিছে এজন যুৱক । মৰিয়নিৰ মৰঙিয়াল গাঁৱৰ ভাস্কৰজ্যোতিৰ ঘৰলৈ বিহুৱা দলৰ সোঁত ।

বিহুৰ বতৰত প্ৰত্যেকজন লোক ব্যস্ত বিভিন্ন কাৰুকাৰ্যত । যি সময়ত যুৱ প্ৰজন্মই বিভিন্ন প্ৰতিভাৰে স্বকীয় বৈশিষ্ট্য তথা পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে তেনে সময়তে মৰিয়নিৰ এজন উদ্যমী যুৱকৰ জাতীয় চেতনাৰ দিশ চৰ্চা হৈছে । যুৱকজনে নিজৰ লগতে যুৱ সমাজক স্বাৱলম্বী কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । ঘৰতে বহি থলুৱা উৎপাদিত সামগ্ৰীৰে বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰিছেমৰিয়নিৰ মৰঙিয়াল গাঁৱৰ ভাস্কৰজ্যোতিৰ নামৰ উদ্যমী যুৱকজনে (Emerging artist of Tezpur)।

চাওঁতে চাওঁতে নঙলামুখ পালেহি হেঁপাহৰ ৰঙালী বিহুটি । নিৰ্বাচনৰ বতাহৰ মাজতে বিহুৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া।

মৰিয়নিৰ নকচাৰীত এজন উদীয়মান চহা শিল্পীয়ে লোকবাদ্য নিৰ্মাণ কৰি বিহু সংস্কৃতিৰ উত্তৰণত নীৰৱে সমল যোগাই আহিছে। যুৱকজনৰ নাম ভাস্কৰজ্যোতি বৰুৱা। ঘৰ মৰিয়নিৰ নকছাৰীৰ মৰঙীয়াল গাওঁত। সমাগত বিহুৰ বাবে ভাস্কৰজ্যোতি এতিয়া ব্যস্ত থলোৱা লোকবাদ্য নিমাৰ্ণত। হেঁপাহৰ বিহুটিক আদৰিবলৈ চৌদিশে উখল মাখল পৰিবেশ। ৰঙালি বিহুটিক লৈ ৰাজ্যৰ থলুৱা শিল্পীসকলৰ গাত তৰনি নোহোৱা এক পৰিবেশ। মুৰ তুলিব নোৱাৰা এক ব্যস্ত থলোৱা শিল্পীসকৰ।

অসমীয়া থলোৱা লোকবাদ্যসমুহ ধৰি ৰখাৰ চিন্তাৰে ভাস্কৰজ্যোতিয়ে ৭ বছৰ পূৰ্বৰে পৰা ম’হৰ শিঙৰ পেপা,গগণা,সুতুলি,বাঁহী,টকা,কাকৈ ফণী আদি ঘৰতে প্ৰস্তত কৰিছে। সৰুৰে পৰা অসমীয়া সংস্কৃতিৰ লোকবাদ্যৰ প্ৰতি বিশেষ ভাবে আগ্ৰহী ভাস্কৰজ্যোতি। ভাস্কৰজ্যোতি বৰুৱাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই লোকবাদ্যসমুহ বিভিন্ন বিহু দলসমূহক যোগান ধৰি স্বাভালম্বী হবলৈ সক্ষম হৈছে শিল্পীজন।

ভাস্কৰজ্যোতি বৰুৱা এই লোকবাদ্যসমুহ কেৱল প্ৰস্তত কৰাই নহয় সুন্দৰকৈ পৰিবেশনো কৰিব পাৰে। নৱপ্ৰন্মই এই দৰে থলুৱা লোকবাদ্য প্ৰতি বিশেষ আগ্ৰহী হোৱাটো নিশ্চয়কৈ এক ইতিবাচক খৱৰ। মনকৰিবলগীয়া যে লোকবাদ্য পৰিবেশন কৰা লোক অনেক আছে যদিও এইসমুহ নিমাৰ্ণ কৰা লোকৰ সংখ্যা তেনেই কম।

লগতে পঢ়ক : union minister is campaigning for Pradan Baruah : বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে