Local, Vocal, Global

WATCH | Self-reliant Women : ই-ৰিক্সা চলাই আৰু ব্ৰয়লাৰ মাংস বিক্ৰী কৰি স্বাৱলম্বী জামুগুৰিহাটৰ পিংকী মুদৈ

জামুগুৰিহাট,২৪মাৰ্চ : ই-ৰিক্সা চলাই আৰু ব্ৰয়লাৰ মাংস বিক্ৰী কৰি স্বাৱলম্বী জামুগুৰিহাটৰ পিংকী মুদৈ৷ দৈনিক উপাৰ্জন কৰা টকাৰে সন্তানটিক পঢ়োৱাকে ধৰি সকলো কৰিব লগা হৈছিল সাহসী মহিলাগৰাকীয়ে৷ জীৱন যুঁজত জঁপিয়াই পৰা এইগৰাকী মহিলাই দিনত ই-ৰিক্সা চলোৱাৰ উপৰিও সন্ধিয়া বিক্ৰী কৰে ব্ৰয়লাৰ মাংস (Self-reliant Women)৷

চাৰিবছৰ পূৰ্ৱে স্বামীৰ মৃত্যুৰ পিছতে সন্তানটিক লৈ অকলশৰীয়া হৈ পৰা মহিলা গৰাকীয়ে গোটৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল এইখন ই-ৰিক্সা আৰু এইখন চলায়েই দৈনিক উপাৰ্জন কৰা টকাৰে সন্তানটিক পঢ়োৱাকে ধৰি সকলো কৰিব লগা হৈছে সাহসী মহিলাগৰাকীয়ে৷ জীৱণ যুঁজত জপিয়াই পৰা এইগৰাকী মহিলাই দিনত ই-ৰিক্সা চলোৱাৰ উপৰিও সন্ধিয়াই বিক্ৰী কৰে ব্ৰয়লাৰ মাংস৷

এইদৰেই আন দহগৰাকী মহিলাতকৈ পৃথক এইগৰাকী পিংকি মুদৈয়ে নিজকে কৰি তুলিছে স্বাৱলম্বী ৷

লগতে পঢ়ক : WATCH | Robbery incident: কাছাৰৰ কালাইনত ডকাইতি কাণ্ড