WATCH | Self Reliance through Farming: কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ নিদৰ্শন শিক্ষিত অসমীয়া যুৱকৰ

জামুগুৰিহাট,৭এপ্ৰিল : জামুগুৰিহাটৰ তৌভঙা গাঁৱৰ হেম বাহাদুৰ কাৰ্কি নামৰ শিক্ষিত নিৱনুৱা যুৱক জনে কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ যি সময়ত অসমৰ শ শ নিৱনুৱা যুৱকে কৰ্ম সংস্থাপন বিচাৰি মাদ্ৰাজ,তামিলনাডু, কেৰেলা,মুম্বাই ,আদিৰ দৰে বহিঃৰাজ্যত গৈ সামান্য কেইটামান টকাৰ বিনিময়ত কোম্পানীৰ চাকৰি কৰি নানা ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে(Self Reliance through Farming)।
আন কোনবাই অকাল মৃত্যু সাৱতি লবলগীয়া হৈছে সেই সময়তে আকৌ জামুগুৰাহটৰ তৌভঙা গাঁৱৰ এই গৰাকী শিক্ষিত নিবনুৱা যুৱক হেম বাহাদুৰ কাৰ্কিয়ে চৰকাৰী চাকৰিৰ আশা ত্যাগ কৰাৰ উপৰিও বহিঃৰাজ্যৰ কোম্পানীৰ এটা সাধাৰন চাকৰিৰ কথাও নেভাবি ঘৰতে থাকি নিজৰেই পৰিত্যক্ত ৩০ বিঘা কৃষিভূমিত বিগত প্ৰায় পাচঁ বছৰ ধৰি সম্পূৰ্ণ জৈৱিক সাৰ প্ৰয়োগ কৰি তৰমুজ, ৰঙালাও, টিহু, আদিকে ধৰি বিভিন্ন পাচলিৰ খেতি কৰি থকাৰ লগতে বড়ো ধানৰ খেতি কৰি বিশেষ উৎপাদনমুখী যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷
যুৱ কৃষক হেম বাহাদুৰ কাৰ্কিয়ে উন্নত প্ৰজাতিৰ উৎপাদিত সামগ্ৰী সমুহৰ জৰিয়তে একপ্ৰকাৰ বিভিন্ন বজাৰ দখল কৰি বৃহৎ পৰিমানৰ ধন উপাৰ্জন কৰাৰ কথা জনাইছে ৷
এনেদৰেই শিক্ষিত নিবনুৱা যুৱ কৃষক গৰাকীয়ে পৰিয়ালৰ সৈতে ঘৰতে থাকি কৃষিকৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈ আহিছে ৷ বৰ্তমানলৈকে চৰকাৰৰ কৃষি বিভাগটোৰ পৰা কোনো ধৰনৰ সহায় সহযোগিতা দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰি যুৱ কৃষক হেম বাহাদুৰ কাৰ্কিয়ে কয় যে কৃষি বিভাগৰ তৰফৰ পৰা উন্নত প্ৰজাতিৰ বীজ লাভ কৰাৰ লগতে প্ৰয়োজনীয় পানী যোগানৰ বাবে পাম্পৰ ব্যৱস্থা কৰি দিলে অনাগত দিনত তেও আনৰ পৰা মাটি লীজত লৈ হলেও নিজৰ কৃষিৰ ক্ষেত্ৰ খন আৰু পঞ্চাশ বিঘালৈকে সম্প্ৰসাৰণ কৰিব পৰাটো নিশ্চিত ৷
লগতে পঢ়ক : WATCH | Rongali Bihu 2025: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী