WATCH | Self Reliance through Farming: দেৰগাঁৱৰ এজন যুৱকে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন

দেৰগাঁও,৫এপ্ৰিল : দেৰগাঁৱৰ এজন যুৱক দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন। স্বনিৰ্ভৰশীল হৈছে এখন ষ্ট্ৰ’বেৰী খেতিৰ দ্বাৰা। দেৰগাঁৱৰ ৰৌমৰা অঞ্চলত প্ৰায় ৬০ বিঘা মাটিত খেতি কৰিছে ষ্ট্ৰ’বেৰীৰ ।
দেৰগাঁও সমষ্টিৰ ভিতৰুৱা ধুদাং ৰৌমৰা অঞ্চলৰ আদৰ্শ কৃষক মুনিন্দ বৰাই লাভজনক ষ্ট’বেৰী খেতি কৰি স্বাৱলম্বী পথ দাঙি ধৰিছে। অসমৰ বিভিন্ন প্ৰান্তত ষ্ট্ৰ’বেৰী প্ৰেৰণ কৰিছে । বিশেষকৈ লাভজনক এই ব্যৱসায়টোৰ জড়িয়তে তেওঁ যথেষ্ট লাভবান হৈছে । ষ্ট্ৰ’বেৰী অসমত যথেষ্ট বজাৰ মূল্য আছে(Self Reliance through Farming)।
ষ্ট্ৰ’বেৰীৰ লগতে কৃষকজনে তৰমুজ , কাজি নেমু, ভোট জলকীয়া , তিঁয়হ আদি বিভিন্ন ধৰণৰ খেতি কৰি নিজেই স্বাৱলম্বিতাৰ মুখ দেখাৰ লগতে ভিতৰুৱা অঞ্চলটোৰ বহু কেইজন যুৱকক সংস্থাপন আগবঢ়াইছে। ১৫ টা বছৰে যুৱক জন কৃষিৰ লগতে জড়িত। দেৰগাঁও ভিতৰুৱা ৰৌমৰা অঞ্চলত প্ৰায় ৬০ বিঘা মাটিত কৃষিয়ে কৃষি বিপ্লৱ আনিছে যুৱক জনে । দহজনৰ বাবে আদৰ্শ হৈ পৰিছে উদিয়মান কৃষক মুনিন্দ বৰা।
লগতে পঢ়ক : WATCH | Ashokashtami : আজি পৱিত্ৰ অশোকাষ্টমী; যোগীঘোপা জামুগুৰিহাটৰ জীয়াভৰলীৰ পাৰত হেজাৰ হেজাৰ ভক্তৰ সমাগম