WATCH | Self Reliance through Farming: জামুগুৰিহাটত কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন এজন যুৱকৰ

জামুগুৰিহাট,১৮মাৰ্চ : জামুগুৰিহাটত কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন এজন যুৱকৰ । যুৱক ‘উত্তম বৰাল’ ৰ প্ৰশংসনীয় পদক্ষেপ ৷ ১০ বিঘা পৰিত্যক্ত কৃষিভূমিত তৰমুজ খেতি কৰি স্বাৱলম্বিতাৰ পথ বাচি লৈছে উত্তম বৰালে(Self Reliance through Farming)।
৷বৰ্তমানলৈকে প্ৰতি কেজি তৰমুজ ১৮ টকা দৰত প্ৰায় চৰি কুইন্টল বিক্ৰী কৰি লাভ কৰিছে ৭২০০ টকা ৷ প্ৰতি মাহে এইদৰে তৰমুজ বিক্ৰী কৰি পোৱা ধনেৰে পৰিয়াল ভৰন পোষন দিবলে সক্ষম হৈছে যুৱ কৃষক উত্তম বৰাল ৷ অতি দৰিদ্ৰ পৰিয়ালৰ শিক্ষিত নিৱনুৱা যুৱক জনে কৰ্ম সংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে ঘৰতে পৰিয়ালৰ সৈতে থাকি জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামত চলি থকা কৃষিকাৰ্য্যৰ আৰ্হি দেখি অনুপ্ৰাণিত হোৱাৰ কথা জনাইছে ৷
লগতে পঢ়ক : WATCH | North Guwahati : উত্তৰ গুৱাহাটীত সাংবাদিকক প্ৰাণে মাৰাৰ ভাবুকি