Self Reliance through Farming:কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে জামুগুৰিহাটৰ এজন নিৱনুৱা যুৱকে
জামুগুৰিহাট,২৬ডিচেম্বৰ : কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে জামুগুৰিহাটৰ এজন নিৱনুৱা যুৱকে ৷
জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ ১ নং বালি চাপৰি অঞ্চলৰ প্ৰায় পঞ্চাশ বিঘা বালিচহীয়া মাটিত ক্ষেমৰাজ বচনেট নামৰ যুৱ কৃষক জনে সৰিয়হৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে(Self Reliance through Farming) ৷
পূৰ্বতে বহিঃৰাজ্যত গৈ কেইটামান টকাৰ বিনিময়ত কোম্পানীৰ কাম কৰিছিল যদিও বিভিন্ন ধৰনৰ নিৰ্যাতনৰ বলি হৈ অৱশেষত ঘৰলৈ ওভতি আহিবলৈ বাধ্য হৈছিল ক্ষেমৰাজ বচনেত৷পিছত ঘৰতে থাকি দুজন যুৱকে মিলি জীয়াভৰলী নদীৰ পাৰৰ ১নং বলিচাপৰি অঞ্চলৰ এশ বিঘাৰো অধিক মাটিত বিভিন্ন ধৰনৰ খেতি কৰি বছৰি প্ৰায় দহ লাখ টকা উপাৰ্জনেৰে স্বনিৰ্ভৰশীল হৈ আহিছে৷
যিটো সময়ত অসমৰ নিবনুৱাই কৰ্ম সংস্থাপনৰ বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়তে জামুগুৰিহাটৰ ক্ষেমৰাজ বচনেট আৰু মদন বচনেট নামৰ দুগৰাকী নিৱনুৱাই ঘৰতে থাকি নিজৰ চন পৰি থকা(১০০ বিঘা) এশবিঘাৰো অধিক বালিচহীয়া মাটিত এনেদৰে কৃষিকৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈ পৰিয়াল ভৰণ পোষণ দিবলৈ সক্ষম হৈছে৷
সম্প্ৰতি দুই যুৱ কৃষকে নিজৰ কৃষিকৰ্মৰ ক্ষেত্ৰখন সম্প্ৰসাৰনৰ স্বাৰ্থতে চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনাই ৷
ইফালে জীয়াভৰলী নদীৰ পাৰৰ ১নং বালিচাপৰি অঞ্চলত এই দুই যুৱ কৃষকে কৰা এশ বিঘাৰো অধিক ভূমিত ফুলি উঠা সৰিয়হ ফুলৰ দৃষ্টিনন্দন শোভাই মোহিচে বাটৰ বাটৰুৱাক ৷এই বিশাল পথাৰ খনৰ হালধীয়া সৰিয়হ ফুলৰ মাজত ফটো উঠিবলৈকে আহিছে বহু যুৱক যুৱতী৷