Self Reliance through Farming: উন্নত মানৰ বগৰী খেতিৰে স্বাৱলম্বিতাৰ বাট দেখুৱাইছে ধিঙৰ নৈপৰীয়া অঞ্চলৰ ছাদিকুল ইছলামে

ধিং,১৭ডিচেম্বৰ : উন্নত মানৰ বগৰী খেতিৰে স্বাৱলম্বিতাৰ বাট দেখুৱাইছে ধিঙৰ নৈপৰীয়া অঞ্চলৰ ছাদিকুল ইছলামে।ধিঙৰ পাৰ্শ্ববৰ্তী নৈপৰীয়া অঞ্চল কমলসুঁতি গাৱঁত এতিয়া লমা লমে লাগিছে বগৰী(Self Reliance through Farming)।
উন্নত প্ৰজাতিৰ বগৰী বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি লাভাম্বিত হৈছে এই গৰাকী যুৱ কৃষক।বগৰী খেতিৰ জৰিয়তে ছাদিকুলে নিজৰ লগতে আন বহু কেইজন যুৱকক মুকলাই দিছে কৰ্ম সংস্থাপনৰ বাট।
উল্লেখ্য যে এবিঘা মাটিত দহ হেজাৰ টকা খৰছ কৰি উপাৰ্জন কৰে ১ পৰা ২ লাখ টকা যুৱ কৃষক জনে।যুৱক জনৰ আশা চৰকাৰৰ চাকৰিলৈ আশা নকৰি নিৱনুৱা যুৱক যুৱতী সকলে উন্নত মানৰ বগৰী খেতিত স্বাৱলম্বী হ’বলৈ আহ্বান জনায়।
লগতে পঢ়ক :Goat thief’s vehicle met with an accident: ছাগলী চোৰৰ বাহন দূৰ্ঘটনাগ্ৰস্ত