Security forces seize of arms in Manipur : মণিপুৰত ৩ সন্ত্ৰাসবাদীসহ জব্দ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ
নিউজ ডেস্ক,২৭অক্টোবৰ : পুনৰ অশান্ত জৰ্জৰ মণিপুৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান । বিগত ৪৮ ঘন্টাত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই থৌবাল,চুৰাচান্দপুৰ,বিষ্ণুপুৰ আৰু টেংগনৌপাল জিলাৰ বিভিন্ন স্থানত । অভিযানত নিৰাপত্তা বাহিনীয়ে নিষিদ্ধ ঘোষিত সংগঠনৰ ৩জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰে(Security forces seize of arms in Manipur)।
অভিযান কালত ভাৰত ম্যানমাৰ সীমান্তৰ সমীপৰ ইয়াংহৌবুং গাঁৱত নিৰাপত্তা বাহিনীয়ে PREPAK(PRO)ৰ এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। ৰবাৰ্ট লালহাহদামক নামৰ সন্ত্ৰাসবাদী জনৰ পৰা এটা INSAS Rifle জব্দ কৰে আৰক্ষীয়ে। আনহাতে, ভাৰত-ম্যানমাৰ সীমান্তৰ টেংগনৌপাল জিলাত অভিযান চলাই দুজন ‘পিএলএ’ৰ কেডাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদী দুজন নিংগোম্বম প্ৰিয় সিং আৰু ছৈখম দেৱজিৎ সিং।
লগতে পঢ়ক :Arms peddler arrested from lumding railway station : লামডিং জংচনত পিষ্টল সহ আটক যুৱক-যুৱতী