Local, Vocal, Global

Security forces seize a cache of arms in Manipur :হিংসাজৰ্জৰ মণিপুৰৰ থৌবাল জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ জব্দ

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : হিংসাজৰ্জৰ মণিপুৰৰ থৌবাল জিলাত নিৰাপত্তা বাহিনীৰ অভিযান । অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ জব্দ । মণিপুৰ আৰক্ষীৰ এক বিবৃতিত এই কথা প্ৰকাশ । বিবৃতিটোত কোৱা হৈছে যে, বুধবাৰে অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে টেকচাম মেনিং চিং এলেকাত এক যুটীয়া অভিযান চলাই খালী মেগজিনৰ সৈতে এটা ৭.৬২ এম এম এছ এল আৰ, মেগজিনৰ সৈতে দুটা এছ এম জি কাৰ্বাইন, এটা .৩২ পিষ্টল আৰু এটা ৯ এমএম পিষ্টল জব্দ কৰে(Security forces seize a cache of arms in Manipur)।

বিবৃতিটোত কোৱা অনুসৰি, তালাচী অভিযানৰ সময়ত এটা ৫১ এম এম পেৰা বোমা, ডিট’নেটৰ নথকা চাৰিটা এইচ ই-৩৬ হেণ্ড গ্ৰেনেড, দুটা ইলেক্ট্ৰ’নিক ডিট’নেটৰ, ১২৫ গ্ৰাম ওজনৰ পাঁচটা বিস্ফোৰক, সজীৱ গোলাবাৰুদ, এটা ষ্টন গ্ৰেনেড, এটা ষ্টিংগাৰ গ্ৰেনেড আৰু দুটা ৩৮ এমএম ৰবৰ বুলেটো জব্দ কৰে ।

ইফালে সেনা, বি এছ এফ আৰু আৰক্ষীৰ এটা যুটীয়া দলে চুৰাচান্দপুৰ জিলাৰ নালন অঞ্চলত অভিযান চলাই দুটা বৃহৎ গধুৰ ক্ষমতাসম্পন্ন দেশীয়ভাৱে তৈয়াৰী মৰ্টাৰ (পম্পিছ) আৰু দুটা গ্ৰেনেড জব্দ কৰে । বিবৃতিটোত লগতে কোৱা হৈছে ।

লগতে পঢ়ক :12 Staff Members Of Assam School Transferred Following Student’s Death : পদুম পুখুৰী হাইস্কুলত জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত কনিষ্ঠ ছাত্ৰৰ মৃত্যু;প্ৰধান শিক্ষয়িত্ৰীসহ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি