Local, Vocal, Global

Terrorists killed: পাকিস্তানত গুলীচালনাৰ ঘটনা; নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী

ইন্টাৰনেশ্যনেল ডেস্ক, ১১ছেপ্টেম্বৰ : পাকিস্তানত গুলীচালনাৰ ঘটনা । নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী(Terrorists kille) । দেওবাৰে সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা । এই গুলীচালনাৰ ফলত কমেও ৭জনকৈ সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে ।

দেওবাৰে খাইবাৰ পখতুনখোৱাৰ চিত্ৰাল জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদী সৈতে গুলীয়াগুলি হয় আৰু এই গুলীয়াগুলিত কমেও ৭ জনকৈ সন্ত্ৰাসবাদী নিহত হোৱা বুলি আন্তঃসেৱা জনসংযোগে জানিবলৈ দিয়ে(Security forces kill seven terrorists in Chitral) ।

এক বিবৃতি অনুসৰি অঞ্চলটোত সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ অঞ্চলটোৰ অভিযান চলাই আছে । বিবৃতিটোত কোৱা হৈছে যে, ‘অঞ্চলটোৰ স্থানীয় লোকসকলে নিৰাপত্তা বাহিনীৰ এই অভিযানৰ বাবে প্ৰশংসা কৰিছে আৰু দেশৰ পৰা সন্ত্ৰাসবাদৰ ভাবুকি পৰা নিৰ্মূল কৰাৰ বাবে সম্পূৰ্ণ সমৰ্থন কৰিছে ।

ISPR ৰ তথ্য অনুসৰি এই প্ৰচণ্ড গুলীচালনাৰ সময়ত আৰু ৬ গৰাকী সন্ত্ৰাসবাদী গুৰুতৰভাৱে আহত হয় ।

উল্লেখ্য যে, খাইবাৰ পাখতুনখোৱাত অপৰাধৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে সন্ত্ৰাসবাদী নিৰ্মূল কৰাৰ উদ্দেশ্যেৰে উক্ত স্থানত নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত ৰাখিছে ।

ISPR ৰে এক বিবৃতিযোগে কয় যে , “অঞ্চলটোৰ স্থানীয় লোকসকলে নিৰাপত্তা বাহিনীৰ এই অভিযানক প্ৰশংসা কৰিছে ৷ লগতে দেশখনৰ পৰা সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন কৰিছে ।”

ইয়াৰ পূৰ্বে বুধবাৰে পাকিস্তান-আফগান সীমান্তত সংঘটিত চিত্ৰাল কাণ্ডত পাকিস্তান সেনাৰ চাৰিজন জোৱান নিহত হোৱাৰ লগতে ১২ জনকৈ সন্ত্ৰাসবাদী নিহত হয় । আই এছ পি আৰে জানিবলৈ দিয়া অনুসৰি অত্যাধুনিক অস্ত্ৰৰে সজ্জিত সন্ত্ৰাসবাদীৰ এটা বৃহৎ দলে দুটা সামৰিক চেকপইণ্টত আক্ৰমণ চলায় ।

সেনাবাহিনীৰ বিভাগে এই সন্দৰ্ভত জানিবলৈ অনুসৰি , আফগানিস্তানৰ নুৰিষ্টান আৰু কুনাৰ প্ৰদেশত সন্ত্ৰাসবাদী সংগঠনৰ অৱস্থিতিৰ তথ্য লাভ কৰিছিল পাকিস্তান সেনাবাহিনীয়ে । এই তথ্যৰ ভিত্তিতেই নিৰাপত্তা বাহিনীয়ে অভিযান চলায় আৰু ফলত সেনাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ হয় ৷ সংঘৰ্ষৰ ফলতে নিহত হয় ৭ জনকৈ সন্ত্ৰাসবাদী ।

লগতে পঢ়ক : US affirms to host 2026 G20 Summit : ২০২৬ চনত জি-২০ সন্মিলন সভাপতিত্ব কৰিব আমেৰিকাই