Local, Vocal, Global

Security Forces Intensify Search Operations in Manipur : মণিপুৰত সেনা-আৰক্ষীৰ যৌথ অভিযান, অভিযানত জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

নিউজ ডেস্ক,২২ছেপ্তেম্বৰ : পুনৰ অশান্তজৰ্জৰ মণিপুৰত ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই। অভিযানত ৰাজ্যখনৰ চুৰাচান্দপুৰকে ধৰি কেবাখনো জিলাৰ পৰা উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰৰ লগতে আন কেতবোৰ বিস্ফোৰক সামগ্ৰী(Security Forces Intensify Search Operations in Manipur) ৷

জানিব পৰা মতে,অভিযানত উদ্ধাৰ হয় এটা 5.5 ফুট ৰকেট, এটা প্ৰায় 3 ফুট ৰকেট, দুটা 9 এম এম এছ এম জি কাৰ্বাইন, এটা বৃহৎ আকাৰৰ দেশত নিৰ্মিত মৰ্টাৰ, দুটা মজলীয়া আকাৰৰ মৰ্টাৰ, চাৰিটা মৰ্টাৰ বোমা, মেগজিনসহ দুটা পিষ্টল, কেবাৰাউণ্ড সজীৱ গুলী, এটা ছিংগল বেৰেল ৰাইফল, 17 মিটাৰ কৰ্টেক্স, 9 মিটাৰ দীঘল ফিউজ আৰু হেণ্ড গ্ৰেণেড আদি ৷

এই সন্দৰ্ভত মণিপুৰ আৰক্ষীয়ে X হেণ্ডেলত এটা পোষ্টযোগে উল্লেখ কৰে, ‘‘পাৰ্বত্য আৰু ভৈয়ামৰ অশান্ত অঞ্চলত নিৰাপত্তাৰক্ষীয়ে এক অভিযান চলাই ৷ অভিযানৰ সময়ত চুৰাচান্দপুৰৰ মোৱাভমৰ পৰা উদ্ধাৰ কৰা কৰে এটা 5.5 ফুট ৰকেট, এটা প্ৰায় 3 ফুট ৰকেট, এটা বৃহৎ আকাৰৰ দেশত নিৰ্মিত মৰ্টাৰ, দুটা মজলীয়া আকাৰৰ দেশত নিৰ্মিত মৰ্টাৰ, চাৰিটা মৰ্টাৰ বোমা, মেগজিনসহ দুটা পিষ্টল, 9 ৰাউণ্ড সজীৱ গুলী, এটা ছিংগল বেৰেল ৰাইফল, গ্ৰেড-2 বিস্ফোৰক 6.3 কিঃগ্ৰাঃ, 17 মিটাৰ কৰ্টেক্স, 9 মিটাৰ দীঘল ফিউজ আৰু হেণ্ড গ্ৰেণেড ৷’’

আন এটা পোষ্টত মণিপুৰ আৰক্ষীয়ে উল্লেখ কৰে, ‘‘থৌবাল জিলাৰ ফুংগেই চিঙৰ পৰা দুটা 9 এম এম এছ এম জি কাৰ্বাইন, এটা 12 ব’ৰৰ ছিংগল বেৰেল ৰাইফল, এটা 9 এম এম পিষ্টলসহ মেগজিন, এটা পইন্ট 32 পিষ্টলসহ মেগজিন, পাঁচটা HE-36 হেণ্ড গ্ৰেণেড, চাৰিটা আৰ্মিং ৰিং, দুটা টিউব লন্সিং, 11 ৰাউণ্ড সজীৱ গুলী, এটা ডিটনেটৰ, দুটা বিপি আইৰণ প্লেট, এটা বিপি জেকেট, এটা কন্দুৱা গেছৰ গ্ৰেণেড, দুটা ষ্টানৰ খোলা, এটা কন্দুৱা গেছৰ খোলা, এটা ৱাকি টকি বাওফেং ৰেডিঅ’ চেট উদ্ধাৰ কৰে ৷’’

২১ছেপ্টেম্বৰত দুটা সফল যৌথ অভিযানত ভাৰতীয় সেনাই মণিপুৰ আৰক্ষীৰ সহযোগত চুৰাচান্দপুৰ, থৌবাল আৰু ইম্ফল পূব জিলাৰ সংঘাতপূৰ্ণ এলেকাৰ পৰা অবৈধ অস্ত্ৰ-শস্ত্ৰৰ ভঁৰাল উদ্ধাৰ কৰে বুলি এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পাইছে ।

লগতে পঢ়ক :Assam Police Detain 15 Suspects Linked to ULFA-I : ১৫ আগষ্টত আলফা (স্বাঃ)ৰ বোমা সংস্থাপনেৰে জড়িতৰ সন্দেহত ১৫জনক আটক