Local, Vocal, Global

Security Forces Exchange Fire with Militants :পুনৰ মণিপুৰত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ১৭জানুৱাৰী : পুনৰ মণিপুৰত সংঘৰ্ষ। বুধবাৰে পুৱা মণিপুৰৰ টেংনুপাল জিলাৰ সীমান্ত চহৰ ম’ৰেত নিৰাপত্তাৰক্ষীয়ে সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়(Security Forces Exchange Fire with Militants) ।

আৰক্ষীয়ে জনোৱা মতে, উগ্ৰপন্থীয়ে ম’ৰে ষ্টেট বেংকৰ ওচৰত নিৰাপত্তাৰক্ষীৰ এটা চকীত বোমা নিক্ষেপ আৰু গুলীচালনা কৰে । নিৰাপত্তাৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি, এই গুলীয়াগুলীত এজন সুৰক্ষা কৰ্মী আঘাতপ্ৰাপ্ত হয় । এজন আৰক্ষী বিষয়াৰ হত্যাৰ অভিযুক্তত দুই সন্দেহজনক লোকক ৰাজ্যিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ৪৮ ঘণ্টা পিছত নিৰাপত্তা বাহিনীৰ ওপৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে । ইয়াৰ পূৰ্বে শান্তি ভংগ, ৰাজহুৱা জনজীৱনৰ প্ৰতি ভাবুকি আৰু টেংনুপাল অঞ্চলত জীৱন আৰু সম্পত্তিৰ বাবে গুৰুতৰ বিপদৰ সম্ভাৱনাৰ তথ্য লাভ কৰাৰ পিছত মণিপুৰ চৰকাৰে ১৬ জানুৱাৰীৰ পুৱাৰ পৰা কাৰ্ফিউ জাৰি কৰে । এই কাৰ্ফিউ অৱশ্যে আইন-শৃংখলাৰ লগত জড়িত আৰু অত্যাৱশ্যকীয় সেৱাত নিয়োজিত চৰকাৰী সংস্থাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি টেংনুপালৰ জিলা দণ্ডাধীশৰ নিৰ্দেশটোত উল্লেখ আছে(Security Forces Exchange Fire with Militants in Manipur’s Moreh Town) ।

উল্লেখ্য যে মঙলবাৰে নিশা ইম্ফলৰ পশ্চিম জিলাৰ কৌটৰুক গাঁৱত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ সৈতে গাঁওৰক্ষী বাহিনীৰ দুঘণ্টাৰো অধিক সময় ধৰি সংঘৰ্ষ হয় । কেন্দ্ৰীয় নিৰাপত্তা বাহিনী অঞ্চলটোত গৈ উপস্থিত হোৱাৰ পিছতে আক্ৰমণকাৰীয়ে গুলীবৰ্ষণ বন্ধ কৰে(Manipur Violence Security Forces Exchange Fire With Militants In Moreh Town; Commando Shot Dead) ।

আনহাতে আৰক্ষীয়ে যোৱা বছৰ অক্টোবৰত এছডিপিঅ’ চি আনন্দৰ হত্যাৰ দুই মুখ্য সন্দেহজনক ফিলিপ খোংচাই আৰু হেমোখোলাল মেটক গ্ৰেপ্তাৰ কৰে । দুয়োৱে নিৰাপত্তাৰক্ষীৰ বাহনৰ ওপৰত গুলীচালনা কৰিছিল যাৰ পিছত আৰক্ষীয়ে তেওঁলোকক খেদি নি কৰায়ত্ত কৰে । দুয়োকে পিছত ম’ৰেৰ ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয় আৰু তেওঁলোকক ন দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । তেওঁলোকৰ পৰা দুই ৰাউণ্ড সজীৱ গুলীৰ সৈতে এটা পিষ্টল, এটা চীনা হেণ্ড গ্ৰেনেড, দহ ৰাউণ্ড সজীৱ গুলী, এ কে ছিৰিজক অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু দহটা ডিটনেটৰ জব্দ কৰা হয় ।’

লগতে পঢ়ক :Bharat Jodo Nyay Yatra : কাইলৈৰ পৰা অসমত আৰম্ভ হ’ব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’