Local, Vocal, Global

Security Forces Discover Arms And Arrest Militants : পুনৰ মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ

নিউজ ডেস্ক, ২৯অক্টোবৰ : পুনৰ মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ । মণিপুৰত নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ যুটীয়া অভিযান । অভিযানত জব্দ মাৰণাস্ত্ৰ ।

অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত মাৰণাস্ত্ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । প্ৰায়ে প্ৰতিদিনে মণিপুৰত মাৰণাস্ত্ৰ জব্দৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ।

উল্লেখ্য যে, মণিপুৰ আৰক্ষীয়ে নিৰাপত্তা বাহিনীৰ সহযোগত ধাৰাবাহিক অভিযান চলাই । অভিযান চলাই বিষ্ণুপুৰ, কাকচিং, থৌবাল, আৰু ইম্ফল- পশ্চিম জিলাসমূহত।

এই অভিযানৰ সময়ত বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাই পি এছৰ অন্তৰ্গত ফৌগাচাও ইখাই মামাং লেইকাই আৰু কলবুং গাঁৱৰ কাষৰ পৰা দুটা অস্ত্ৰ (এটা মেগজিন থকা এছ এম জি কাৰ্বাইন আৰু এটা দেশত নিৰ্মিত ৯ এম এম পিষ্টল), ৭ ৰাউণ্ড গুলী, দহটা বিস্ফোৰক উদ্ধাৰ কৰে(Security Forces Discover Arms And Arrest Militants) ।

তদুপৰি মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে মাওবাদী উগ্ৰপন্থী সংগঠন কাংগলেইপাক কমিউনিষ্ট পাৰ্টি (কেচিপি)ৰ পাঁচজন সক্ৰিয় সদস্যক ধন দাবী আৰু অবৈধ অস্ত্ৰ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে(Arms seized in Manipur)।

এই অভিযানসমূহৰ সময়ত কেচিপিৰ পাঁচজন সামৰিক টাস্ক ফ’ৰ্চৰ সদস্যক গ্ৰেপ্তাৰ কৰা হয়, আৰু কৰ্তৃপক্ষই ৪৮ ৰাউণ্ড সজীৱ গোলাবাৰুদৰ সৈতে এটা আগ্নেয়াস্ত্ৰ, তিনিটা ৭.৬২ মিমি গোলাবাৰুদ চাৰ্জাৰ ক্লিপ, এটা পিষ্টলৰ হোলষ্টাৰ, তিনিযোৰ যুঁজৰ সাজ-পোছাক স্কাৰ্ফৰ সৈতে দুটা বেল্ট(Huge cache of arms, ammunition and explosives recovered during search operation in the state)।

লগতে পঢ়ক :Arms seized in Manipur : মণিপুৰত অস্ত্ৰ-শস্ত্ৰসহ কে চি পিৰ ৫সদস্য গ্ৰেপ্তাৰ