Local, Vocal, Global

Security Forces Apprehend 2 PREPAK (Pro) Cadres : হিংসা জৰ্জৰ মণিপুৰত গ্ৰেপ্তাৰ PREPAK সংগঠনৰ দুজন উগ্ৰপন্থী

নিউজ ডেস্ক,২মে’ : হিংসা জৰ্জৰ মণিপুৰত উগ্ৰপন্থী বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান । নিৰাপত্তা বাহিনীয়ে মণিপুৰত পৃথক পৃথককৈ অভিযান চলাই ।

অভিযানত আৰক্ষীয়ে ইম্ফল পূব জিলাৰ লাইৰিকেংবাম লেইকাই আৰু খুৰাই চৈথাবি লেইৰাক এলেকাৰ পৰা দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে । ধৃত উগ্ৰপন্থী দুজন নিষিদ্ধ PREPAK (Pro) সংগঠনৰ সদস্য বুলি জানিব পৰা গৈছে ।উগ্ৰপন্থী দুজনৰ পৰা দুটা মেগজিন সহ দুটা 9 mm পিষ্টল,মেগজিন সহ এটা পইন্ট থ্ৰি টু পিস্তল,ছয়টা সতেজ গুলি আৰু নটা খালী কাৰ্টিজ উদ্ধাৰ কৰে(Security Forces Apprehend 2 PREPAK (Pro) Cadres)।

জানিব পৰা মতে,গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী দুজন ৩৯ বছৰীয়া নাওৰ’ইবাম জয়শ্বেংকাৰ ওৰফে লয়ুম্বা ওৰফে খোগাং আৰু ৩৮ বছৰীয়া থিংগম সুৰেশ ওৰফে বয় বুলি আৰক্ষীয়ে সদৰি কৰিছে।

লগতে পঢ়ক : weapon seized in manipur : হিংসা জৰ্জৰ মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ