Local, Vocal, Global

Section 163 in Nagaon after tiger scare : নগাঁৱত বাঘৰ আতংক; জাৰি ১৬৩ ধাৰা

নিউজ ডেস্ক,৪জুলাই : বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্য বানে লৈছে ভয়ংকৰ ৰূপ। বানৰ ফলত অভয়াৰণ্যৰ পৰা ওলাই আহিছে জন্তু ।

বাৰিষাৰ বানৰ কবলত পৰা লাওখোৱা অভয়াৰণ্যৰ পৰা বুধাবাৰে ওলাই আহিল এটা ঢেকীয়াপতীয়া বাঘ । অভয়াৰণ্যৰ পৰা ওলাই অহা বাঘটোৱে পুৱাৰে পৰা আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে নগাঁৱত ৷ বানৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে বাঘৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰিছে নগাঁৱৰ উত্তৰাঞ্চলৰ বাসিন্দাসকল ৷

নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ নগাঁও ৰেঞ্জৰ অন্তৰ্গত জেঙনি অঞ্চলৰ(ধিং ৰাজহ চক্ৰ) জনবসতি প্ৰধান এলেকাত এটি বাঘ বিচৰণ কৰি থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে(আইএএছ) ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩(১) ধাৰাৰ অধীনত জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা(Section 163 in Nagaon after tiger scare) ৷

এই নিষেধাজ্ঞা অনুসৰি উক্ত এলেকাত পাঁচজন বা তাতকৈ অধিক ব্যক্তিৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে ৷ কোনো লোকে আগ্নেয়াস্ত্ৰ, অন্যান্য মাৰাত্মক অস্ত্ৰ, ধনুকাঁড় কঢ়িয়াই নিয়াটোও কৰা হৈছে নিষিদ্ধ ৷ বাঘটো বিচৰণ কৰি থকা স্থানত কোনোধৰণৰ চিঞৰ-বাখৰ বা উচ্চ প্ৰাবল্যৰ শব্দ কৰা বা আন কোনোধৰণে শান্তি-শৃংখলা ভংগ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷

তদুপৰি যিকোনো ব্যক্তিৰ দ্বাৰা পৰিৱেশ আৰু বন বিভাগৰ বিষয়াসকলক অসুবিধা সৃষ্টি কৰা কাৰ্য, প্ৰতিৰোধ প্ৰদান কৰা কাৰ্য নিষিদ্ধ কৰা হৈছে যাতে উক্ত বিষয়াসকলে বাঘটোক আঁতৰাই পঠিওৱাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিব পাৰে ৷

লগতে পঢ়ক : Two children die of Electrocution in Bogibil : বিদ্যুতস্পৃষ্ট হৈ প্ৰাণ গ’ল দুই শিশুৰ