Section 144 Imposed in Sivasagar : শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰি; ৬০ দিনলৈ বাহাল থাকিব এই ধাৰা
 
				নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰি । সন্ধিয়াই ৬ বজাৰ পৰা পুৱা ৬ বজালৈ বাহাল থাকিব ১৪৪ ধাৰা । অসম নাগালেণ্ড সীমান্তত বিশেষভাৱে প্ৰযোজ্য হ’ব এই ধাৰা । আলফা চৰকাৰৰ শান্তি চুক্তি পাছত শান্তি শৃংখলা ভংগ হোৱাৰ আশংকাত এই ধাৰা জাৰি কৰিছে প্ৰশাসনে ।পৰৱৰ্তী ৬০ দিনলৈ বাহাল থাকিব এই ধাৰা(Section 144 Imposed in Sivasagar For 60 Days)।
উল্লেখ্য যে , কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আলোচনাপন্থী আলফাৰ ত্ৰিপাক্ষিক চুক্তি সম্পন্ন হোৱাৰ পাছতে শিৱসাগৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা। এই চুক্তিৰ পাছতে জিলাখনত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা নহয় তাৰ বাবে সতৰ্কতামূলকভাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। ধাৰা অনুসৰি, এই সময়ছোৱাত ৫ জন বা তাতোধিক লোক একলগে সমাগম হ’ব নোৱাৰিব(Section 144 Imposed in Sivasagar)।
জিলাখনত সকলোধৰণৰ সভা, সমিতি, শোভাযাত্ৰা বাহিৰ কৰাতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা।
লগতে পঢ়ক :PM Modi Ayodhya Visit : আজি প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব, ১৫,০০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা
 
						 
			