Local, Vocal, Global

HSLC Exam :ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষা

নিউজ ডেস্ক, ১৩ছেপ্টেম্বৰ : এইবাৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষা । মেট্ৰিক পৰীক্ষাক লৈ নতুন নিৰ্দেশনা জাৰি কৰিছে ছেবা (SEBA)ই । আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিশেষ নতুনত্ব আনিছে অসম মাধ্যমিক শিক্ষা পৰিষদে(HSLC Exam) ।

এই সন্দৰ্ভত ছেবাই সকলো বিদ্যালয় পৰিদৰ্শকলৈ জাৰি কৰিছে জাননী । ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰীক্ষাত অবজেক্টিভ প্ৰশ্ন থাকিব আৰু মুঠ নম্বৰৰ ৫০ শতাংশ। প্ৰতিটো অবজেক্টিভ প্ৰশ্নত থাকিব ১ নম্বৰকৈ। OMR শ্বীটত শিক্ষাৰ্থীয়ে দিব লাগিব উত্তৰ। বাকী ৫০ শতাংশ প্ৰশ্নৰ উত্তৰ পূৰ্বৰ দৰেই লিখিব লাগিব।

২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে SEBAই নতুন সিদ্ধান্ত সন্দৰ্ভত মঙলবাৰে ছেবাৰ অধ্যক্ষই বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ জাননী জাৰি কৰিছে ।জাননী অনুসৰি ২০২৪ বৰ্ষৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে অ’ এম আৰ শ্বীটযোগে পৰীক্ষাত অৱতীৰ্ণ হ’ব ।

শিক্ষাৰ্থীসকলে এই সুবিধা ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ বাবেহে লাভ কৰিব । এই প্রশ্নৰ উত্তৰৰ বাবে ১৬টা পৃষ্ঠাৰ উত্তৰবহী যোগান ধৰা হ’ব শিক্ষাৰ্থীক।

লগতে পঢ়ক :Terrorist killed in JK: ৰাজৌৰী জিলাত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী