Local, Vocal, Global

Terrorist killed in JK: ৰাজৌৰী জিলাত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী

নেশ্যনেল ডেস্ক, ১৩ছেপ্টেম্বৰ : ৰাজৌৰী জিলাৰ নৰলা অঞ্চলত প্ৰচণ্ড গুলীয়াগুলি । সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় এই গুলীয়াগুলিৰ ঘটনা (Terrorist killed in JK)। বুধবাৰে সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ।

বুধবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দ্বিতীয়জন সন্ত্ৰাসবাদী নিহত হোৱাৰ ফলত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এখন দুৰ্গম গাঁৱত চলি থকা তিনিদিনীয়া তালাচী অভিযানৰ সময়ত মৃত্যু হোৱা লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে বুলি বিষয়াসকলে জনাবলৈ দিয়ে(Second terrorist killed during encounter in J&Ks Rajouri) ।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (জম্মু জ’ন) মুকেশ সিঙে কয় যে বুধবাৰে সংঘটিত হোৱা এনকাউণ্টাৰত আন এজন সন্ত্ৰাসবাদী নিহত হয়। মঙলবাৰে দুৰ্গম নৰলা গাঁৱত সংঘটিত হোৱা এনকাউণ্টাৰত এজন সন্দেহযুক্ত পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয় ৷ গুলীয়াগুলিৰ ফলত সেনাবাহিনীৰ এজন জোৱান আৰু সেনাবাহিনীৰ ডগ ইউনিটৰ এটা ছবছৰীয়া লেব্ৰাড’ৰৰ কেণ্টৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন নিৰাপত্তাৰক্ষী আহত হয় ।

এডিজিপি মুকেশ সিঙে কয় যে বুধবাৰৰ পুৱা পুনৰ আৰম্ভ হয় গুলীচালনাৰ ঘটনা । তেওঁ কয় যে মঙলবাৰে নাৰ্লা অঞ্চলত এনকাউণ্টাৰৰ ফলত এজন সন্ত্ৰাসবাদী আৰু এজন জোৱান শ্বহীদ হয় যদিও মঙলবাৰে অভিযান স্থগিত ৰখা হয় ।

সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা গুলীয়াগুলীৰ ফলত জম্মু-কাশ্মীৰৰ ৰাজৌৰীত শ্বহীদ হয় ৰাইফলমেন ৰবি কুমাৰ বুলি জানিব পৰা গৈছে ৷ ৰাজৌৰীত চলা এনকাউণ্টাৰৰ শ্বহীদ হোৱা ৰাইফলমেন ৰবি কুমাৰক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এক মাল্যাৰ্পণ অনুষ্ঠানৰ আয়োজন কৰা হয়(2 Terrorists Army Jawan Killed As Encounter Continues In J&Ks Rajouri) ।

সতীৰ্থসকলে ৰাইফলমেন ৰবি কুমাৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

পুনৰ বুধবাৰে পুৱা গুলীচালনা আৰম্ভ হোৱাৰ লগে লগে আৰু নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় আন এজন সন্ত্ৰাসবাদী ৷ বৰ্তমানেও জম্মু-কাশ্মীৰৰ উক্ত এলেকাত নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদবিৰোধী অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে ।

বতৰ বেয়া হোৱাৰ বাবে নিৰাপত্তা বাহিনীয়ে মঙলবাৰে নিশা ৰাজৌৰী চহৰৰ পৰা ৭৫ কিলোমিটাৰ দূৰত্বত থকা অঞ্চলটোৰ চাৰিওফালে ঘেৰাও কৰি ৰাতিপুৱাই অঞ্চলসমূহলৈ পুনৰ অনুসন্ধানৰ কৰে বুলি বিষয়াসকলে জনায়।

উল্লেখ্য যে, সোমবাৰে নিৰাপত্তাৰক্ষীয়ে বনাঞ্চল পাত্ৰদা অঞ্চলত কৰ্ডন আৰু তালাচী অভিযান আৰম্ভ কৰাৰ লগতে দুজন সন্দেহজনক লোকৰ লক্ষ্য কৰি গুলীচালনা কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।অৱশ্যে আন্ধাৰৰ সুযোগ লৈ দুয়োজন সন্দেহযুক্ত লোকে পলায়ন কৰিবলৈ সক্ষম হয়। আৰু পলায়নৰ সময়ত তেওঁলোকে কিছু কাপোৰ আৰু অন্যান্য সামগ্ৰী এৰি থৈ যায় যিবোৰ অনুসন্ধানকাৰী দলে উদ্ধাৰ কৰে।

লগতে পঢ়ক :US Shooting : বিদ্য়ালয়ত গুলীচালনাৰ ঘটনা,গুলীচালনাৰ ফলত নিহত এজন ছাত্ৰ, আহত দুজন