Local, Vocal, Global

World Largest Hindu Temple : আমেৰিকাত নিৰ্মাণ বিশ্বৰ দ্বিতীয় বৃহত্তম মন্দিৰ,৮ অক্টোবৰত মুকলি কৰা হ’ব দেশখনৰ প্ৰথমটো বৃহৎ মন্দিৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৬ছেপ্টেম্বৰ : আমেৰিকাত নিৰ্মাণ কৰা হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম মন্দিৰ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিতত দেশখনৰ প্ৰথমটো বৃহৎ মন্দিৰ নিৰ্মাণ কৰা হৈছে(World Largest Hindu Temple)।

বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মন্দিৰ বি এ পি এছ স্বামীনাৰায়ণ অক্ষৰধম অহা ৮ অক্টোবৰত মুকলি কৰা হ’ব। নিউ জাৰ্চিৰ (New Jersey) টাইমছ স্কোৱেৰৰ পৰা ৯০ কিলোমিটাৰ দক্ষিণত অক্ষৰধাম মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে। ২০১৫ চনৰ পৰাই এই মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল আৰু চলিত বৰ্ষৰ ৮ অক্টোবৰত মুকলি কৰা হব(Second Largest Hindu Temple Outside India Set To Be Opened On October 8)।

প্ৰাপ্ত তথ্য অনুসৰি, আমেৰিকাত নিৰ্মিত এই মন্দিৰটো ইটালীৰ কেৰাৰা মাৰ্বল ব্যৱহাৰ কৰি নাগাৰাডী শৈলীত নিৰ্মাণ কৰা হৈছে। ভাৰতৰ বাহিৰত নিৰ্মিত বিশ্বৰ দ্বিতীয় বৃহত্তম মন্দিৰটোৰ আকাৰ ২৫৫ ফুট x ৩৪৫ ফুট x ১৯১ ফুট ।ইয়াৰে চৌহদত প্ৰায় ১০ হাজাৰ প্ৰতিমূৰ্তি আৰু মূৰ্তি, ভাৰতীয় বাদ্যযন্ত্ৰৰ খোদিত আৰু নৃত্যৰ ৰূপ থাকিব।

উল্লেখ্য যে, ১৮৩ একৰ ভূমিত নিৰ্মিত এই মন্দিৰৰ নিৰ্মাণকাৰ্যত সমগ্ৰ আমেৰিকাৰ ১২ হাজাৰতকৈ অধিক স্বেচ্ছাসেৱকে সহায় কৰিছে। মন্দিৰৰ ওপৰত আৰু ভিতৰত বিভিন্ন শিল্পকলা খোদিত কৰা হৈছে। ধৰ্মীয় গ্ৰন্থৰ পৰা প্ৰেৰণা লৈ ১০ হাজাৰৰো অধিক ভাস্কৰ্য্য আৰু শিল্পকৰ্ম এই মন্দিৰটোত নিৰ্মাণ কৰা হৈছে(World 2nd largest Hindu temple outside India to be inaugurated in US on Oct 8)।

ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে ভাৰতীয় বাদ্যযন্ত্ৰ আৰু প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ নৃত্যৰ ৰূপ আৰু ডিজাইন আদি। এই মন্দিৰটোৰ নিৰ্মাণত চাৰি প্ৰকাৰৰ শিল ব্যৱহাৰ কৰা হৈছে। প্ৰায় ২০ লাখ ঘনফুট চূণশিল, গোলপীয়া বালিশিল, মাৰ্বল আৰু গ্ৰেনাইট ব্যৱহাৰ কৰা হৈছে এই মন্দিৰটোত। উৎকট গৰম আৰু প্ৰচণ্ড শীতৰ সৈতে মোকাবিলা কৰিবৰ বাবে মন্দিৰটোত এই বিশেষ চাৰিবিধ শিল ব্যৱহাৰ কৰা হৈছে। লগতে, এই মন্দিৰৰ ব্ৰহ্মকুণ্ডত ভাৰতীয় Stepwells আছে, য’ত ভাৰতৰ নদী আৰু আমেৰিকাৰ ৫০খন ৰাজ্যকে ধৰি বিশ্বৰ ৩০০ৰো অধিক জলাশয়ৰ পৰা সংগ্ৰহ কৰা পানী একেলগে ৰখা হৈছে। অক্ষৰধাম মূল মন্দিৰৰ উপৰিও এই মন্দিৰত ১২ টা উপ-মন্দিৰ আছে।

এই মন্দিৰটো নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হৈছে প্ৰায় ২০ লাখ ঘনফুট শিল। ইয়াক বুলগেৰিয়া আৰু তুৰস্কৰ চূণশিলকে ধৰি সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইৰ পৰা আহৰণ কৰা হৈছিল। গ্ৰীচ, তুৰস্ক আৰু ইটালীৰ মাৰ্বল, ভাৰত আৰু চীনৰ পৰা গ্ৰেনাইট, ভাৰতৰ বালিচহীয়া শিল আৰু ইউৰোপ, এছিয়া, লেটিন আমেৰিকাৰ অন্যান্য সজ্জাগত শিল ব্যৱহাৰ কৰা হৈছে(World Second Largest Hindu Temple outside India to be Inaugurated in US)।

আমেৰিকাত নিৰ্মিত এই দ্বিতীয় বৃহত্তম মন্দিৰটো দেখিলে দিল্লীৰ অক্ষৰধাম মন্দিৰৰ (Akshardham Temple) কথা মনত পৰাটো স্বাভাৱিক।অহা ৮ অক্টোবৰত নিউ জাৰ্ছিৰ অক্ষৰধাম মন্দিৰটো মুকলি কৰা হ’ব যদিও দৰ্শনাৰ্থীৰ বাবে মন্দিৰটো ১৮ অক্টোবৰতহে মুকলি কৰি দিয়া হ’ব। মুকলিৰ পূৰ্বে বৰ্তমান দৰ্শনাৰ্থীৰ বাবে নিৰ্দিষ্ট সময়ত মন্দিৰটো খোলা ৰখা হৈছে। কিন্তু আনুষ্ঠানিক মুকলিৰ বাবে ৩০ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব নৱনিৰ্মিত অক্ষৰধাম মন্দিৰটো।

৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত এসপ্তাহজোৰা উদযাপন কৰা হ’ব।খবৰ অনুসৰি এই অনুষ্ঠানত কেইবাজনো আমেৰিকাৰ কংগ্ৰেছী,বাইডেন প্ৰশাসনৰ বিষয়া লগতে ৰাজ্যিক গৱৰ্ণৰসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক :Khalistan supporters protest over Nijjar : হৰদীপ সিং নিজ্জাৰক হত্যাৰ বিৰুদ্ধে ভাৰতীয় দূতাবাসৰ বাহিৰত খালিস্তানী সমৰ্থকৰ প্ৰতিবাদ