SEBA releases revised schedule for HSLC examination : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী সালসলনি, চৰকাৰী বন্ধ তালিকাৰ বাবে ছেবাৰ সিদ্ধান্ত

নিউজ ডেস্ক, ১৫নৱেম্বৰ : HSLC পৰীক্ষাৰ সময়সূচী সালসলনি, চৰকাৰৰ বন্ধ তালিকাৰ বাবেই ছেবাই লৈছে এই সিদ্ধান্ত । উল্লেখ্য যে, বিগত অক্টোবৰ মাহত ছেবাই জাৰি কৰিছিল ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী । কিছু মেট্ৰিক পৰীক্ষাৰ সময়সূচী সালসলনি কৰা হ’ব । কিয়নো পৰীক্ষাৰ বাবে নিৰ্ধাৰিত ৩ টাকৈ দিনত আছে চৰকাৰী বন্ধ(SEBA Releases Revised Schedule For Assam Board HSLC Examination 2024)।
ছেবাই এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। ২০২৪ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা HSLC পৰীক্ষাৰ চাৰিটাকৈ বিষয়ৰ পৰীক্ষাৰ সময়ত কিছু সাল–সলনি কৰা হৈছে।
অক্টোবৰ মাহত ছেবাই জাৰি কৰা সময়সূচী অনুসৰি অহা ২০ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰা হৈছিল সমাজ বিজ্ঞানৰ পৰীক্ষা। কিন্তু ২০ ফেব্ৰুৱাৰীত কাৰ্বি জনগোষ্ঠীৰ উৎসৱ কাৰ্বি ডেহাল কাছিৰ ডম থকাৰ বাবে এদিন আগুৱাই দিয়া হৈছে।
এতিয়া ২০ ফেব্ৰুৱাৰীৰ সলনি ১৯ ফেব্ৰুৱাৰী অনুষ্ঠিত হ’ব সমাজ বিজ্ঞানৰ পৰীক্ষা ।
আনহাতে, ২৬ ফেব্ৰুৱাৰীত আছে সাধাৰণ বিজ্ঞানৰ পৰীক্ষা । এই দিনটোও অসম চৰকাৰৰ ৰেষ্ট্ৰিক্টেড হলিডে ।সেইবাবে সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ১ দিন পিছুৱাই দিয়া হৈছে। ২৬ ফেব্ৰুৱাৰীত নিৰ্ধাৰিত সাধাৰণ বিজ্ঞান পৰীক্ষা এতিয়া ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ’ব(SEBA releases revised schedule for HSLC examination)।
ইফালে, দুটাকৈ ঐশ্চিক বিষয় ‘বয়ন কলা আৰু চানেকি’ আৰু ‘বড়ো’ বিষয়ৰ পৰীক্ষাৰ সময় ২৭ তাৰিখে নিৰ্ধাৰিত দিনতে অনুষ্ঠিত কৰা হ’ব, কিন্তু পৰীক্ষাৰ সময়ৰ সাল–সলনি কৰা হৈছে। এতিয়া পুৱাৰ সলনি দিনৰ ১ বাজি ৩০ মিনিটৰ পৰা ৪ বাজি ৩০ মিনিটলৈ অনুষ্ঠিত হ’ব।
লগতে পঢ়ক : Israeli forces enter part of Shifa Hospital : ইজৰাইলী সৈন্যৰ দখল গাজাৰ বিখ্যাত আল-শ্বিফা চিকিৎসালয়