Local, Vocal, Global

SEBA HSLC exams to begin from February 2: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ;নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

নিউজ ডেস্ক, ৯অক্টোবৰ : ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী । সোমবাৰে প্ৰকাশ কৰে সময়সূচী । ২০২৪ৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা‌ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ । পৰীক্ষা অন্ত পৰিব ৪ মাৰ্চত। ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব ২ আৰু ৩ ফেব্ৰুৱাৰীত(HSLC examination to be held from February 16 ) ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী অনুসৰি ১৬ ফেব্ৰুৱাৰীত ইংৰাজী, ২০ ফেব্ৰুৱাৰীত সমাজ বিজ্ঞান, ২১ ফেব্ৰুৱাৰীত ঐচ্ছিক অসমীয়া, ২৩ ফেব্ৰুৱাৰীত MIL, ২৬ ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞান, ২৯ ফেব্ৰুৱাৰীত সাধাৰণ গণিত, ২ মাৰ্চত ঐচ্ছিক হিন্দী পৰীক্ষা অনুষ্ঠিত হ’ব। ৪ মাৰ্চত উচ্চ গণিত, ভূগোল, বুৰঞ্জী, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, গাৰ্হস্থ্য বিজ্ঞান, আৰৱী, পাৰ্চী আৰু নেপালী বিষয়ত পৰীক্ষা হ’ব। ১৭ ফেব্ৰুৱাৰীত সংগীত, নৃত্য, উডক্ৰাফট, বেংগলী, মণিপুৰী আৰু চান্থালী বিষয়ৰ পৰীক্ষা হ’ব(SEBA HSLC exams to begin from February 2 Board releases schedule)।

উল্লেখ্য যে এইবাৰ নতুন শিক্ষা নীতিৰ অধীনত Board Examৰ পদ্ধতি সলনি হৈছে। এইবাৰ পূৰ্বৰ দৰে বৰ্ণনামূলক প্ৰশ্নৰ উত্তৰৰ পৰীক্ষা নহ’ব। এইবাৰৰ পৰা অবজেক্টিভ প্ৰশ্ন থাকিব আৰু মুঠ নম্বৰৰ ৫০ শতাংশ। প্ৰতিটো অবজেক্টিভ প্ৰশ্নত থাকিব ১ নম্বৰকৈ। OMR শ্বীটত শিক্ষাৰ্থীয়ে দিব লাগিব উত্তৰ। বাকী ৫০ শতাংশ প্ৰশ্নৰ উত্তৰ পূৰ্বৰ দৰেই লিখিব লাগিব(SEBA HSLC exams to begin from February 2)।

লগতে পঢ়ক :Election dates for 5 states to be announced today : আজি ঘোষণা হ’ব ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন