Sikkim flash floods : ছিকিমত বানৰ সংহাৰী ৰূপ; সেনা জোৱানসহ ১০২ জন সন্ধানহীন
নেশ্যনেল ডেস্ক, ৫অক্টোবৰ : অব্যাহত আছে ছিকিমৰ ভয়াৱহতা । ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ছিকিমৰ লহনাক হ্ৰদত সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণে(Sikkim flash floods) । ছিকিমত বানে লোৱা ভয়ংকৰ ৰূপৰ বাবে এই পৰ্যন্ত ১৪জন লোকৰ মৃত্যু হোৱাৰ লগতে ২২জন সেনাজোৱানসহ প্ৰায় ১০২ জন লোক নিৰুদ্দেশ হৈ আছে । এক তথ্য অনুসৰি, বুধবাৰে সন্ধানহীন হোৱা ২৩ জন সেনা জোৱানৰ ভিতৰত এজনক উদ্ধাৰ কৰা হৈছে। SDRF আৰু NDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অৱশ্যে পানীৰ সোঁতৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে(Search and rescue launched for 102 people missing in northeast India as flash flooding kills at least 14)।
জানিব পৰা এই পৰ্যন্ত মৃত্যু হোৱা লোকসকলৰ ভিতৰত আটাইকেইজন সাধাৰণ নাগৰিক বুলি চিনাক্ত কৰা হৈছে ৷ আৰু ইয়াৰে তিনিজনক উত্তৰ বংগত উটি যায় ৷
উল্লেখ্য যে ছিকিমৰ এজন চৰকাৰী বিষয়াই জানিবলৈ দিয়া অনুসৰি,মঙলবাৰে মাজনিশা প্ৰায় ১.৩০ বজাৰ পৰা আৰম্ভ হোৱা ছিকিমৰ বান পৰিস্থিতি চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত অধিক ভয়াৱহ হৈ পৰে । ইয়াৰেপৰি ছিকিমৰ মুখ্য সচিব ভি বি পাঠকে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৩ হাজাৰৰো অধিক পৰ্যটক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে । তেওঁ লগতে কয় যে চুংথাঙত তিস্তা বান্ধৰ তৃতীয় পৰ্যায়ত শ্ৰমিকো আৱদ্ধ হৈ আছে ।
মুখ্য সচিবগৰাকীয়ে কয় যে এই ভয়ংকৰ বানৰ ফলত পথ আৰু দলঙকে ধৰি আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হৈছে ৷ এতিয়ালৈকে প্ৰায় ১৪খন দলং ভাঙি গৈছে, ইয়াৰে ৯খন দলং সীমান্ত পথ সংস্থাৰ অধীনস্থ আৰু ৫খন ৰাজ্য চৰকাৰৰ ।
আন এজন বিষয়াই জনোৱা অনুসৰি, এজন সেনা জোৱানকে ধৰি এতিয়ালৈকে প্ৰায় ১৬৬ জন লোকক উদ্ধাৰ কৰা হৈছে ৷ উদ্ধাৰকাৰী দলে চিংটামৰ গোলিটাৰত থকা তিস্তা নদীৰ বানাক্ৰান্ত অঞ্চলৰ পৰা কেইবাটাও মৃতদেহ উদ্ধাৰ কৰে ।
চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সতৰ্কবাণী জাৰি কৰিছে।এন ডি আৰ এফে ইতিমধ্যে তিনিটা দল মোতায়েন কৰিছে আৰু অতিৰিক্ত দলসমূহ গুৱাহাটী আৰু পাটনাত ষ্টেণ্ডবাইত আছে। ছিকিম চৰকাৰে এক জাননীত ইয়াক দুৰ্যোগ বুলি ঘোষণা কৰিছে।
ইফালে এজন প্ৰতিৰক্ষা বিষয়াই কয় , ছিকিম আৰু উত্তৰ বংগত নিযুক্তিপ্ৰাপ্ত সকলো ভাৰতীয় সেনা জোৱান সুৰক্ষিত হৈ আছে কিন্তু মোবাইল যোগাযোগ ব্যাহত হোৱাৰ বাবে তেওঁলোকে পৰিয়ালৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই ।
ভাৰতীয় সেনাই ছিকিমত নিখোজ সেনা জোৱানসহ সন্ধানহীন লোকৰ পৰিয়ালৰ উদ্ধাৰৰ বাবে তিনিটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। সেনাৰ হেল্পলাইন নম্বৰসমূহ হৈছে–পূব ছিকিমৰ বাবে হেল্পলাইন নম্বৰ – 8756991895উত্তৰ ছিকিমৰ বাবে হেল্পলাইন নম্বৰ – 8750887741সন্ধানহীন জোৱানৰ বাবে হেল্পলাইন নম্বৰ – 7588302011
ইফালে এই ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ বুজ লয় ৷ তেওঁ ছিকিমৰ মুখ্যমন্ত্ৰী পি এছ তামাঙৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰক সম্ভৱপৰ সকলো সহায় কৰাৰ আশ্বাস দিয়ে ।
লগতে পঢ়ক :Flash flood in Sikkim: ছিকিমত বানৰ ফলত অভাৱনীয় পৰিস্থিতি, সন্ধানহীন ২৩গৰাকীকৈ সেনা জোৱান