Schools in Kamrup (M) Set to Reopen Amid Improved Weather Conditions : কাইলৈৰ পৰা পুনৰ খুলিব গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠান
নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : কাইলৈৰ পৰা পুনৰ খুলিব গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠান।
বাতিল কামৰূপ মেট্ৰৰ বিদ্যালয় বন্ধৰ নিৰ্দেশনা।
গৰমৰ মাত্ৰা হ্ৰাস হোৱাৰ বাবে বাতিল কৰা হ’ল স্কুল বন্ধৰ নিৰ্দেশনা। বন্ধৰ নিৰ্দেশ বাতিল হ’লেও নতুন সময়মতেই হ’ব পাঠদান!
পুৱা ৭.৩০ বজাৰ দুপৰীয়া ১২.৩০ বজালৈ হ’ব বিদ্যালয়ৰ পাঠদানৰ সময়( Schools in Kamrup (M) Set to Reopen Amid Improved Weather Conditions)।
প্ৰচণ্ড গৰমৰ বাবে ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰিছিল গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান ।
যিসমূহ বিদ্যালয় আজি খোলা ৰাখিছে, সেইসমূহ বিদ্যালয় নজৰত ৰাখিছে বিদ্যালয় পৰিদৰ্শকে।
বন্ধ ঘোষণাৰ পিছতো আজি গুৱাহাটী মহানগৰীৰ কেইবাখনো বিদ্যালয় খোলা ৰখাৰ খবৰৰ পিছতে তৎপৰ হৈছে প্ৰশাসন।