Local, Vocal, Global

Schools in Guwahati closed for 4 days due to rising temperatures : উৎকট গৰমৰ বাবে কামৰূপ মহানগৰত আজিৰে পৰা ২৭ ছেপ্টেম্বৰলৈ বন্ধ থাকিব সকলো বিদ্যালয়

নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে দহিছে ৰাজ্যক। উৎকট গৰমৰ বাবে কামৰূপ মহানগৰত আজিৰে পৰা ২৭ ছেপ্টেম্বৰলৈ বন্ধ থাকিব সকলো বিদ্যালয়। গুৱাহাটী মহানগৰ জিলাৰ সকলো চৰকাৰী, প্ৰাদেশিকৃত, বেচৰকাৰী বিদ্যালয় বন্ধ থাকিব(Schools in Kamrup district to remain closed from Sept 24-27 due to heatwave)।

এক নিৰ্দেশনাৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰগৰাকীয়ে এই কথা অৱগত কৰিছে।

প্ৰচণ্ড গৰমৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰাৰ বিষয়ে বিদ্যালয়ৰ প্ৰধানসকলে অৱগত কৰাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে(Schools in Guwahati closed for 4 days due to rising temperatures)।

লগতে পঢ়ক :All schools closed from tomorrow in guwahati : কাইলৈৰ পৰা বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান