Local, Vocal, Global

Schools closed due to severe flood in Nagaon : বানৰ বাবে নগাঁৱত ৩৯খন বিদ্যালয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ

নিউজ ডেস্ক,৩০মে’ : বান বিধ্বস্ত নগাঁও । নগাঁৱত হোৰাহোৰে বাঢ়িছে বাঢ়নী পানী । নগাঁৱত কপিলী নৈৰ বাঢ়নী পানীয়ে ভাঙিলে কামপুৰ পটীয়াপামৰ মথাউৰি ৷ ভগ্ন মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী(Schools closed due to severe flood in Nagaon)৷

কপিলী নৈৰ বাঢ়নী পানীয়ে বানত কামপুৰৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ আশংকা কৰা হৈছে। কামপুৰৰ বকুলগুৰিটো বানে ছিঙিলে কৃষিবান্ধ।

কামপুৰৰ বানপীড়িত অঞ্চলৰ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। ৩৯খন বিদ্যালয় বন্ধ ঘোষণা নগাঁও জিলা প্ৰশাসনৰ।পমিলা, বকুলগুৰি, লংজাপ, জুৰিপাৰ, বৰবিল, পদুমণি আদি অঞ্চলত সাময়িকভাৱে বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে।

লগতে পঢ়ক : Road Accident in Samaguri : দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত কিশোৰ