School Timings Changed : অতিপাত গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময় সলনি
গুৱাহাটী, ২আগষ্ট : বিদ্য়ালয়ৰ পাঠদানৰ সময়সূচী সলনি । অতিপাত গৰমৰ বাবে শিক্ষানুষ্ঠানসসমূহত নিয়মীয়া পাঠদান সময়সীমা সলনিৰ সীদ্ধান্ত । গৰমৰ বন্ধৰ পিছতে পুনৰ ১ আগষ্টৰ পৰা আৰম্ভ হৈছিল বিদ্য়ালয়সমূহৰ পাঠদান (School Timings Changed) । কিন্তু শেহতীয়াকৈ গৰমৰ প্ৰকোপ বেছি হোৱাৰ বাবে জনজীৱন পুনৰ স্তব্ধ হৈ পৰিছে । গৰমৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবে বিদ্য়ালয়সমূহৰ পাঠদানৰ সময়সূচী সালসলনি কৰা কৰা হৈছে(Kamrup Metro school classes to begin at 7:30 am due to extreme heat) ।
কামৰূপ জিলা আয়ুক্তই এই নিৰ্দেশনা দাছিল কৰিছে বুধবাৰে । ৩ আগষ্ট অৰ্থাত বৃহস্পতিবাৰৰ পৰা সালসলনি কৰা হৈছে শিক্ষানুষ্ঠানসসমূহৰ পাঠদানৰ সময়সীমা । ৩আগষ্টৰ পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হ’ব গুৱাহাটী মহানগৰীৰ বিদ্যালয়সমূহৰ পাঠদান (Kamrup Metro school classes to begin at 7:30 am due to extreme heat)।
কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ এক নিৰ্দেশনা অনুসৰি ল’ৱাৰ প্ৰাইমেৰিৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ চলিব। তাৰ সমান্তৰালকৈ এম ই স্কুলৰ পাঠদান চলিব পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১২-৩০ বজালৈ। তাৰ লগতে হাই স্কুল, হায়াৰ ছেকেণ্ডেৰীৰ পাঠদান ৭-৩০ বজাৰ পৰা দিনৰ ১ বজালৈ চলিব থাকিব (School Timings Changed Again for Kamrup Metro Because of the Heat Wave) ।
লগতে বিদ্যালয়সমূহক পুৱাৰ প্ৰাতঃ সভা মুকলি আকাশৰ তলৰ পৰিৱৰ্তে শ্ৰেণী কোঠাৰ ভিতৰতে অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। অহা ১৫ আগষ্টলৈ বাহাল থাকিব এই নিৰ্দেশনা।
লগতে পঢ়ক : Akhil Gogoi wrote open letter to CM : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুকলি চিঠি বিধায়ক অখিল গগৈৰ