Ambubachi Mela 2023 : অম্বুবাচী মেলাৰ বাবে শিক্ষকক দিয়া হৈছে দায়িত্ব
![](https://mynewsne.com/wp-content/uploads/2023/06/mvbmbgfbjfglbjfgkl-750x430.jpg)
গুৱাহাটী, ১৩ জুন : সমাগত অম্বুবাচী মেলা (Ambubachi Mela)। নীলাচল পাহাৰত পূৰ্ণগতিত চলিছে সকলো প্ৰস্তুতি । তাৰ মাজতে স্পষ্ট হৈছে যে এইবাৰ অম্বুবাচীত পাঠদান এৰি চৰকাৰী বিভিন্ন দায়িত্ব পালন কৰিব লাগিব বিদ্যালয়ৰ শিক্ষকেও।
![](https://mynewsne.com/wp-content/uploads/2023/06/07ae0c6d_f645_448f_9b63_e2ec85d0bdbd-1-724x1024.webp)
কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাৰি কৰা এক নিৰ্দেশনাই শেহতীয়াকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । নিৰ্দেশনাটোত কোৱা হৈছিল অম্বুবাচী মেলা উপলক্ষে ২১ জুনৰ পৰা ২৭ জুনলৈ কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী স্কুলত অনুষ্ঠিত কৰিব নোৱাৰিব কোনোধৰণৰ পৰীক্ষা (Teachers duty for Ambubachi)।
স্কুল পৰিদৰ্শকে ৩ জুনত জাৰি কৰা এই নিৰ্দেশনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যদিও ইয়াৰ অন্তৰালৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাছিল। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা স্কুল পৰিদৰ্শকৰ আন এখন জাননীয়ে এতিয়া পূৰ্বৰ নিৰ্দেশনাৰ আঁৰৰ কাৰণ স্পষ্ট কৰিছে।
১২ জুনত স্কুল পৰিদৰ্শকে বিদ্যালয়সমূহৰ অধ্যক্ষ তথা প্ৰধান শিক্ষকলৈ প্ৰেৰণ কৰা এই জাননীৰ জৰিয়তে অম্বুবাচী মেলাৰ বিভিন্ন দায়িত্ব পালনৰ বাবে বিদ্যালয়ৰ শিক্ষকক বিচৰা হৈছে । অম্বুবাচী মেলা পৰিচালনাৰ বাবে শিক্ষকসকলক দায়িত্ব প্ৰদান কৰাৰ উদ্দেশ্যৰে এই সময়ছোৱাত বিদ্যালয়সমূহ পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ পূৰ্বে নিৰ্দেশ প্ৰদান কৰা হৈছিল।
জানিব পৰা মতে মুঠ ৩১ খন বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে এই জাননী। জাননী অনুসৰিয়েই উচ্চতৰ মাধ্যমিকৰ পৰা ৫ জনকৈ আৰু উচ্চ মাধ্যমকিৰ পৰা ৩ জনকৈ শিক্ষকে অম্বুবাচী মেলাৰ সময়ত বিভিন্ন দায়িত্ব পালন কৰিব লাগিব।
শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া ভিন্নজনে ভিন্ন মত প্ৰকাশ কৰিছে। পাঠদান বন্ধ ৰাখি, পৰীক্ষা স্থগিত ৰাখিছে অনা শৈক্ষিক কামত কিয় বাৰে বাৰে শিক্ষকসকলক নিয়োগ কৰা হয় তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।
উল্লেখ্য যে মহা অম্বুবাচী মেলা উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ পৰাও কামাখ্যা ধামলৈ (Kamakhya Temple) আগমন হয় ভক্ত, সাধু–সন্যাসীৰ। লাখ লাখ ভক্তৰ সমাগমেৰে উখল–মাখল হৈ পৰে নীলাচলৰ বুকু। ভক্তসকলৰ থকা–খোৱাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা গ্ৰহণ কৰা হয় বিশেষ ব্যৱস্থা। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ব। যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে।
এইবাৰো ভক্তৰ বাবে নিৰ্মাণ কৰা হ’ব কেম্প। ২২ জুনৰ নিশা ২.৩০ বাজিত ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি উপলক্ষে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ পিছত ২৬ জুনৰ নিবৃত্তি উপলক্ষে যাৱতীয় পূজা–অৰ্চনাৰ পিছত খোল খাব মন্দিৰৰ দুৱাৰ।
এইবাৰো অম্বুবাচীলৈ আগমন ঘটিবলগীয়া লাখ লাখ ভক্তৰ বাবে থাকিব খোৱাপানীৰ সুব্যৱস্থা। নাৰ্ছাৰীৰ পৰা কামাখ্যালৈ যোৱা পথত খোৱাপানীৰ ব্যৱস্থা থাকিব ভক্তৰ বাবে। ভক্তৰ বাবে সমগ্ৰ পথত পাৰি দিয়া হ’ব কাৰ্পেট।
লগতে পঢ়ক : Assam New Assembly : চলিত বৰ্ষৰ আগষ্ট মাহত মুকলি কৰা হ’ব নতুন বিধানসভা ভৱন