Local, Vocal, Global

School stadium roof collapses : চীনত অঘটন, চীনত খহি পৰিল বিদ্যালয়ৰ জিমৰ ছাঁদ

ইন্টাৰনেশ্যনেল ডেস্ক, ২৪জুলাই: চীনত সংঘটিত হল আন এক অঘটন(School stadium roof collapses) । চীনত খহি পৰিল বিদ্যালয়ৰ জিমৰ ছাঁদ । ফলত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। প্ৰাপ্ত তথ্য় অনুসৰি উত্তৰ-পূব চীনৰ হেইলংজিয়াং প্ৰদেশৰ কিকিহাৰ চহৰৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ।এই ভয়ংকৰ ঘটনাৰ ফলত ১১জনকৈ লোকৰ মৃত্যু হয় (School stadium roof collapses in China)।

জানিব পৰা মতে, বিদ্যালয় নিৰ্মাণ শ্ৰমিকসকলে বিদ্যালয়ৰ জিমখানাৰ ছাঁদত অবৈধভাৱে পাৰ্লাইট ৰাখিছিল বুলি জানিবলৈ পৰা গৈছে ৷ যাৰ ফলত বৰষুণৰ প্ৰভাৱৰ পানীত তিতি ওজন বৃদ্ধি পাই আৰু ইয়াৰ ফলত ছাদখন ভাঙি পৰে বুলি সন্দেহ কৰে (School gymnasium roof collapse kills 11 in China) ।

উল্লেখ্য যে, দেওবাৰে সংঘটিত হয় এই ঘটনাটো । জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটি হোৱা সময়ত লংছা জিলাৰ ৩৪ নং বিদ্যালয় প্ৰাংগণত উপস্থিত আছিল প্ৰায় ১৯ জনকৈ লোক ৷ ইয়াৰে চাৰিজনে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও বাকী কেইজন ইয়াৰ মাজতে আৱদ্ধ হৈ পৰে । সোমবাৰে চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি ,আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত ছয়জন লোকৰ মৃত্যু হয়(Building staff held as death toll from Qiqihar roof collapse reaches 11)।

প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমক জনোৱা মতে, ভুক্তভোগীৰ বহুকেইজন শিশু আছে বুলি কোৱা হৈছে যদিও এই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।ইতিমধ্যে ঔদ্যোগিক হেইলংজিয়াং প্ৰদেশৰ কিকিহাৰ চহৰত অট্টালিকাটোৰ দায়িত্বত থকা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বিষয়াসকলে জনোৱা মতে,অট্টালিকাটোৰ দায়িত্বত থকা চাৰিজন লোক ইতিমধ্যে পলায়ন কৰিছে। এই মৰ্মান্তিক ঘটনাৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Sudan air crash: বিমান দুৰ্ঘটনা, সামৰিক জোৱানসহ মৃত্যু ৯ জন