SCERT Scam : ৮৭ দিনত ১৪৩৩ পৃষ্ঠা জোৰা অভিযোগনামা দাখিল মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ
নিউজ ডেস্ক, ২৮ জুলাই : ৰাজ্য কপাই যোৱা SCERT কেলেংকাৰী (SCERT Scam)সন্দৰ্ভত বিশেষ আদালতত পূৰ্ণাংগ চাৰ্জশ্বীট দাখিল মুখ্যমন্ত্ৰী তদাৰকী কোষে । অৱশেষত ৮৭ দিনৰ অন্তত ১৪৩৩ পৃষ্ঠাৰ এই চাৰ্জশ্বীটত দাখিল কৰিলে SCERT কেলেংকাৰীৰ অভিযোগ নামা ৷ এই কেলেংকাৰীত মুঠ ২১ জন লোকক অভিযুক্ত কৰিছে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে(SCERT Scam Charge Sheet Submitted) ৷
দোষী সাব্যস্ত কৰা এই ২১ জন ব্যক্তিৰ ভিতৰত আছে অভিযোগ নামত নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাকে ধৰি ৬ গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী নাম এল এন সোণোৱাল , জয় চন্দ্ৰ লহকৰ , সোণমণি নাথ, ৰুবুল আলী, ৰমিজুদ্দিন আহমেদক দোষী সাব্যস্ত কৰাৰ লগতে ৫ জন ঠিকাদাৰ অজিত পাল সিং, বিজয়েতা শৰ্মা , ৰাজেশ যোশী, সৰং ম’ৰে, ৰাহুল আমিনক অভিযুক্ত কৰাৰ লগতে ১০ গৰাকী আৰ টি আই কৰ্মী আৰু সাংবাদিক ক্ৰমে ভাস্কৰজ্যোতি হাজৰিকা, পূজামণি দাস, ৰবিজিত গগৈ , মনোজ দাস, কেশৱ গগৈ, বেনিন দলে, বিদ্যুৎ কলিতা, ডেভিড অধিকাৰী, ৰাজীৱ কাকতি, অনুপ শইকীয়াক দোষী সাব্যস্ত কৰি অভিযোগ নামা দাখিল কৰে ।
১০৫ কোটি টকীয়া SCERT কেলেংকাৰীৰ অভিযোগনামা দাখিল মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ । মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে ৮৭ দিনত ১৪৩৩ পৃষ্ঠা জোৰা অভিযোগনামা দাখিল কৰে ৷ মুঠ ২১ জনক অভিযুক্ত কৰি অভিযোগনামা দাখিল কৰে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে ।
আনহাতে ৬ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় তদন্তও ঘোষণা কৰা হৈছে । উল্লেখ্য যে, ১০৫ কোটিটকীয়া এই কেলেংকাৰী সেৱালী দেশী শৰ্মা এছ চি আই আৰ টিৰ সঞ্চালক হৈ থকাৰ সময়ত সংঘটিত হৈছিল। এই কেলেংকাৰীৰ নেতৃত্ব লৈছিল শেৱালী দেৱী শৰ্মাৰ লগতে তেওঁৰ ঠিকাদাৰ জোঁৱায়েকে ।
কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে চি এম ভিজিলেঞ্চৰ দলে শেৱালী দেৱী শৰ্মাক ৰাজস্থানৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল জোঁৱায়েকসহ আন দুজনকো। সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল শেৱালী দেৱী শৰ্মাৰ জীয়ৰীকো।
ইয়াৰ পাছতে শেৱালী দেৱী শৰ্মাক জেৰা কৰাৰ সময়তে পোহৰলৈ আহিছিল এই কেলেংকাৰীৰ সৈতে কিদৰে বিভিন্ন দল, সংগঠনৰ নেতা, সাংবাদিক আদি জড়িত আছিল। শেৱালী দেৱী শৰ্মাই দিয়া তথ্যৰ আধাৰতে চি এম ভিজিলেঞ্চে জেৰা কৰি গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক পূজা মণি দাস, ভাস্কৰজ্যোতি হাজৰিকা, আৰ টি আই কৰ্মী ৰবিজিৎ গগৈ, অনুপ শইকীয়া আদিক।
উল্লেখ্য যে ডি এল এড (D El Ed) পাঠ্যক্ৰমৰ নামত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত (এছ চি ই আৰ টি) সংঘটিত হোৱা ১০৫ কোটিটকীয়া কেলেংকাৰীত ২১ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল ৷
আই এ এছ শেৱালী দেৱীসহ ৬ জন চৰকাৰী কৰ্মচাৰী, ৫ জন ঠিকাদাৰসহ ১০ জন লোকৰ নাম। এই ১০ জন লোকৰ ভিতৰত আছে সংবাদ কৰ্মী, আৰ টি আই কৰ্মীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷
তদুপৰি ডি এল এড (D El Ed) পাঠ্যক্ৰমৰ দূৰৱৰ্তী মুক্ত শিক্ষাৰ জৰিয়তে প্ৰশিক্ষণৰ নামত এছ চি ই আৰ টিত বৃহৎ জালিয়াতি সংঘটিত কৰিছিল তদানীন্তন সঞ্চালক শেৱালি দেৱী শৰ্মাই ৷ ঠিকাদাৰ ৰূপী দুই জোঁৱাই ৰাজেশ কুমাৰ যোশী, অজিত পাল সিঙক সাৰথি কৰি এছ চি ই আৰ টিৰ এফালৰ পৰা ধনৰ লুণ্ঠন চলাই যায় শৰ্মাই ৷
মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তত পোহৰলৈ আহে যে ২৭,৮৯৭ গৰাকী শিক্ষকৰ পৰিবৰ্তে ১,০৬,৮২৮ গৰাকী শিক্ষকক ভুৱাকৈ প্ৰশিক্ষণ দিয়া দেখুৱাই ধন হৰলুকী কৰা হৈছিল ৷ কাগজে-কলমে শিক্ষকক প্ৰশিক্ষণ দিয়া দেখুৱাই শেৱালি দেৱী শৰ্মাই ২০১৭ চনৰ পৰা ২০২২ চনলৈ সংগ্ৰহ কৰা ১০৫ কোটি টকা ব্যয় কৰাৰ হিচাপ দেখুৱায় ৷
কেৱল সেয়াই নহয়, এছ চি ই আৰ টিৰ কার্যালয়ত শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ, টয়লেট নির্মাণ, কাৰ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰা দেখুৱাই ভুৱা বিলো দাখিল কৰে । তদুপৰি শেৱালি দেৱী শৰ্মাই দুই জোঁৱায়েকক নিবিদা অবিহনেই গতাই দিছিল কোটি কোটি টকাৰ ঠিকা ৷ এনেবোৰ তথ্য পোহৰলৈ অহাৰ পিছতে তদাৰকী কোষে ৩/২০২৩ নম্বৰত গোচৰ ৰুজু কৰি ২১ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ৷
লগতে পঢ়ক : Governor at Barpeta satra : বৰপেটা সত্ৰ দৰ্শন কৰি সত্ৰত মূৰ দোৱাই সেৱা জনালে ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া