Local, Vocal, Global

Scam in Morigaon Zilla Parishad : অৱশেষত নিলম্বন হ’ল মৰিগাঁও জিলা পৰিষদৰ প্ৰাক্তন গাণনিক নৱকৃষ্ণ মহন্ত

ধিং, ২০ ছেপ্টেম্বৰ : অৱশেষত নিলম্বন হ’ল মৰিগাঁও জিলা পৰিষদৰ প্ৰাক্তন গাণনিক নৱকৃষ্ণ মহন্ত ।৩৫ লাখ টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত নিলম্বন হ’ল মৰিগাঁও জিলা পৰিষদৰ প্ৰাক্তন গাণনিক নৱকৃষ্ণ মহন্ত(Scam in Morigaon Zilla Parishad)।

উল্লখ্য যে,মৰিগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ ভূমি সংলগ্ন মহলাটোৰ মেৰামতি আৰু ব্যৱহাৰৰ উপযোগী নামৰ ২০২২-২৩ বৰ্ষৰ আঁচনিৰ বাবদ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ পৰা ৩৫,৮২,১৭২ টকা আৱণ্টন দিয়া হৈছিল । এই বৃহৎ ধনৰাশিৰ প্ৰথম কিস্তিৰ ৮,৯৫,৫৪৩ টকা ২৩/৫/২০২৩ ত, দ্বিতীয় কিস্তিৰ ১৭,৯১,০৮৬ টকা ২৫/৫/২০২৩ ত আৰু তৃতীয় কিস্তিৰ ৮,৯৫,৫৪৩ টকা ২৩/১১/২০২৩ ত মোকলাই দিয়া হৈছিল । ইয়াৰে দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন বিভাগীয় অনুমোদন নোহোৱাকৈয়ে মোকলাই দিয়া হৈছিল ।

এই ঘটনা সম্পর্কত বিভাগীয় নির্দেশ মর্মে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এক তদন্ত চলোৱা হৈছিল । মৰিগাঁৱৰ জিলা আয়ুক্তই প্ৰেৰণ কৰা নং- চিএ/ ২১২১/৯৪৬ দিনাংক ৩১/৮/২০২৪ তদন্তৰ প্রতিবেদনত গাণনিকগৰাকীৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ বহু তথ্য লাভ কৰাত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত জয় শিৱানীয়ে আদেশ নং- ৫৪৯৪১০/ডি এফ এ/৮৪৮১৬৫ যোগে চাকৰিৰ পৰা নিলম্বন কৰিছে ।

লগতে পঢ়ক :Woman murdered allegedly by her husband :এবছৰীয়া সন্তানৰ মাতৃক হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে