Hate speech case: আজম খানক দিয়া আদালতৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে

নেশ্যনেল ডেস্ক,২৩আগষ্ট : উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী আজম খানক উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে। আজম খানক কণ্ঠৰ নমুনা দিবলৈ নিৰ্দেশ দিয়া বিচাৰ আদালতৰ নিৰ্দেশত বুধবাৰে উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে(Hate speech case)।
সমাজবাদী পাৰ্টিৰ নেতা আজম খানক অন্তৱৰ্তীকালীন সকাহ দি উচ্চতম ন্যায়ালয়ে বুধবাৰে বিচাৰ আদালতে সাময়িকভাৱে স্থগিতাদেশ জাৰি কৰে। ন্যায়াধীশ এ এছ বোপন্না আৰু প্ৰশান্ত কুমাৰ মিশ্ৰই গঠিত বিচাৰপীঠে এই ৰায়দান কৰে (SC Stays Trial Court Order Directing SP Leader Azam Khan To Submit Voice Sample In 2007 Hate Speech Case)।
২০০৭ চনত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়া আৰু অপমানজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগৰ এক গোচৰত কণ্ঠৰ নমুনা দিবলৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে সমৰ্থন কৰা আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আজম খানে উচ্চতম ন্যায়ালয়ত প্ৰস্তাৱ দিছিল ।
২০০৭ চনৰ আগষ্ট মাহত ৰামপুৰত ৰাজহুৱা সমাৱেশৰ সময়ত তেওঁ মুখ্যমন্ত্ৰী মায়াৱতীৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ আৰু অপমানজনক ভাষণ দিয়াৰ অভিযোগ উত্থাপন কৰি ধীৰাজ কুমাৰ শীল নামৰ এজন লোকে গোচৰ তৰিছিল(SC stays trial court’s order to Azam Khan seeks voice sample in hate speech case) ।
উল্লেখ্য যে, ২৫ জুলাইত উচ্চ ন্যায়ালয়ে বিচাৰ আদালতৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে । উচ্চতম ন্যায়ালয়ৰ সন্মুখত আজম খানৰ হৈ প্ৰতিনিধিত্ব কৰিছিল জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে । আজম খানৰ ভাষণৰ সৈতে মিল নিশ্চিত কৰিবলৈ কণ্ঠৰ নমুনা বিচৰা হৈছে যিটো তেওঁ ৰাজহুৱা সভাত দিয়া চিডিত ৰেকৰ্ড কৰা হৈছিল । ধীৰাজ কুমাৰ শীল নামৰ এজন লোকে আজম খানৰ বিৰুদ্ধে তৰিছিল এই গোচৰ(SC stays order of trial court directing Azam Khan to give voice sample) ৷
তণ্ডা থানাত অনুসূচিত জাতি/জনজাতিৰ আইনৰ অধীনত ৰুজু কৰা হৈছিল এই অভিযোগ ।ৰাজ্যখনৰ শাসনভাৰ ভাৰতীয় জনতা পাৰ্টীৰ হাতলৈ যোৱাৰ পিছতে আজম খানৰ লগতে পৰিয়ালটোৰ বিৰুদ্ধে আৰক্ষীয়ে জনপ্ৰতিনিধিত্ব আইন আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত 125 নং ধাৰা প্ৰয়োগ কৰি ভূমি দখলকে ধৰি 80 টাতকৈও অধিক গোচৰ ৰুজু কৰিছিল
লগতে পঢ়ক :Lalu prasad slams Modi: প্ৰধানমন্ত্ৰীৰ ভাষণক কঠোৰ সমালোচনা লালু প্ৰসাদ যাদবৰ