Electoral bonds scheme ‘unconstitutional’: নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা সৰ্বোচ্চ ন্যায়ালয়ৰ;২০১৯ চনৰ পৰা এতিয়ালৈকে নিৰ্বাচনী বণ্ডৰ তথ্য দিব লাগিব SBI-এ
নেশ্যনেল ডেস্ক, ১৫ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ । ইলেক্ট’ৰেল বণ্ডক লৈ সিদ্ধান্ত সৰ্বোচ্চ ন্যায়ালয়ৰ(Electoral bonds scheme ‘unconstitutional’) ।
নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা সৰ্বোচ্চ ন্যায়ালয়ৰ । ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহক অনুদান দিয়াৰ প্ৰক্ৰিয়া অসাংবিধানিক। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বেঞ্চে ইলেক্টৰেল বণ্ড সন্দৰ্ভত শুনানি গ্ৰহণ কৰি কয়, নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত আৰম্ভ হোৱা ইলেক্টৰেল বণ্ড প্ৰণালী সংবিধানৰ অনুচ্ছেদ ১৯ ‘এ’ ধাৰাৰ বিৰোধী। ২০১৯ চনৰ পৰা এতিয়ালৈকে নিৰ্বাচনী বণ্ডৰ তথ্য দিব লাগিব SBI-এ । ৬ মাৰ্চৰ ভিতৰত SBI-এ দিব লাগিব বৰঙণিৰ প্ৰতিটো তথ্য ।
ন্যায়ালয়ে কয় যে ইলেক্ট’ৰেল বণ্ড তথ্য জনাৰ অধিকাৰৰ উলংঘন। দলসমূহৰ ফাণ্ডিঙৰ বিষয়ে ভোটাৰে জনাৰ অধিকাৰ আছে। ন্যায়ালয়ে লগতে কয় যে বণ্ড কিনাসকলৰ তালিকা ৰাজহুৱা কৰিব লাগিব।
উচ্চতম ন্যায়ালয়ে কয়, নাগৰিকৰ এয়া জনাৰ অধিকাৰ আছে যে চৰকাৰৰ হাতত টকা ক’ৰ পৰা আহে আৰু ক’লৈ যায়। ন্যায়ালয়ে কয় যে বেনামী নিৰ্বাচনী বণ্ড তথ্য জনাৰ অধিকাৰ আৰু অনুচ্ছেদ 19(1)(A)ৰ উলংঘন(SC says electoral bonds unconstitutional, asks SBI to submit all details)।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশে ৰায় প্ৰদান কৰি কয় যে ইলেক্ট’ৰেল বণ্ডৰ উপৰিও ক’লা ধন বন্ধ কৰাৰ অন্য উপায় আছে। ন্যায়ালয়ে ৰায়ত কয় যে ইলেক্ট’ৰেল বণ্ডৰ গোপনীয়তা ‘জনাৰ অধিকাৰ’ৰ বিৰুদ্ধে। ৰাজনৈতিক দলৰ ফাণ্ডিঙৰ বিষয়ে তথ্য জ্ঞাত হ’লে মানুহে ভোটাধিকাৰৰ ব্যৱহাৰ কৰাত স্পষ্টতা লাভ কৰে। উচ্চতম ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ড আঁচনিৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে(Electoral Bonds Scheme verdict)।
ন্যায়ালয়ে লগতে কয় যে এছ বি আয়ে ১২ এপ্ৰিল ২০১৯ৰ পৰা তথ্য ৰাজহুৱা কৰিব লাগিব। এছ বি আইয়ে এই তথ্য নিৰ্বাচন আয়োগক দিব লাগিব আৰু নিৰ্বাচন আয়োগে এই তথা প্ৰকাশ কৰিব। আচলতে বিগত নৱেম্বৰ মাহত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫ জনীয়া সংবিধানপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। তিনিদিন ধৰি মতামত শুনাৰ পিছত গোচৰটোৰ সিদ্ধান্ত সুৰক্ষিত ৰাখিছিল ন্যায়ালয়ে। আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাইছিল যে ইলেক্ট’ৰেল বণ্ড আঁচনিয়ে অনুচ্ছেদ 19(1)ৰ অধীনত নাগৰিকৰ তথ্য আৰু মৌলিক অধিকাৰ উলংঘা কৰে, ই ভ্ৰষ্টাচাৰক উদগনি দিয়ে।’
উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন ৫ জনীয়া বিচাৰপতিৰ সাংবিধানিক বেঞ্চে ২০২৩ ৰ ২ নৱেম্বৰত এই সংক্ৰান্তত গোচৰৰ শুনানি শেষ কৰি সংৰক্ষণ কৰি ৰাখিছিল।বিগত বছৰত নিৰ্বাচনী বণ্ড প্ৰকল্পৰ বৈধতাক চেলেঞ্জ কৰি জনোৱা আৱেদনৰ শুনানিৰ সময়ত দেখা গৈছিল যে, নিৰ্বাচনী বণ্ডৰ জৰিয়তে শাসকীয় দলক কোনে পুঁজি যোগান ধৰিছে সেই বিষয়ে সমগ্ৰ তথ্য গোপনে থাকে যদিও একেটা পদ্ধতিৰেই বিৰোধী দলসমূহক যিসকলে নিৰ্বাচনী পুঁজি যোগান ধৰে সেইসকলৰ তথ্য প্ৰকাশ কৰিব পাৰি। শাসকীয় দলে উচ্চতম ন্যায়ালয়ত যুক্তি দিছিল, ৰাজনৈতিকদলসমূহৰ পুঁজিৰ উৎস কি সেয়া ভোটাৰসকলৰ জনাৰ কোনো অধিকাৰ নাই।
এই গোচৰৰ শুনানি গ্ৰহণ কৰা উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠত আছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ।
লগতে পঢ়ক : One injured in wild Elephant attack : বন্যহস্তীৰ তাণ্ডৱ; বন্যহস্তীৰ আক্ৰমণত আহত এজন