ৰঙীন হৈ উঠিল সত্ৰ নগৰী বৰপেটা
নিউজ ডেস্ক,১৬ মাৰ্চঃ পূৰ্বৰ পৰম্পৰা অনুসৰিয়েই এইবাৰো আয়োজিত হৈছে বৰপেটাৰ দৌল মহোত্সৱ বা ফাল্গু উৎসৱ। দ্বিতীয় বৈকুন্ঠপুৰী খ্যাত বৰপেটা সত্ৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোত্সৱ।
বৰপেটাৰ দৌল উত্সৱৰ আজি গোন্ধযাত্ৰা । ১৭ আৰু ১৮ মাৰ্চ (বৃহস্পতি আৰু শুক্ৰবাৰ)ত ভৰদৌল আৰু ১৯ মাৰ্চ শনিবাৰে বৰপেটাৰ বিখ্যাত ফাকুৱা বা ‘সুৱেৰী’ উত্সৱ।
গোন্ধযাত্ৰা উপলক্ষে আজি সত্ৰৰ নিত্য নৈমিত্ৰিক প্ৰসংগৰ পিছত দৌল গোবিন্দ গোঁহাইক সত্ৰৰ মণিকূট গৃহৰ পৰা গায়ন-বায়ন আৰু ঢুলীয়াৰ চেওৰ মাজে মাজে পূৱ দুৱাৰেদি উলিয়াই আনি মঠৰ চোতালত ৰখা হয়। তাৰ পিছত কলীয়া ঠাকুৰক প্ৰধান দুৱাৰেদি উলিয়াই আনি দুয়ো গোঁসাইক মঠৰ চোতালত এখন বৰশৰাইৰ ওপৰত ৰখা হ’ব। সন্ধিয়াৰ ভাগত দুয়ো গোঁসাইকে গায়ন-বায়নেৰে টুপৰ চোতাললৈ মেজি পুঁৱাবলৈ আদৰি আনিব ভক্তপ্ৰাণ ৰাইজে। নক্ষত্ৰৰ গণনা অনুসৰি এইবেলি বুধবাৰে সন্ধিয়া দুয়োজনা গোসাঁইক দৌলত আৰোহন কৰোৱা হ’ব ।
ইফালে ১৭ আৰু ১৮ মাৰ্চত অনুষ্ঠিত হ’ব ভৰদৌল। ভৰদৌলৰ প্ৰথম দিনা পুৱা সত্ৰৰ বুঢ়াসত্ৰীয়াই গোঁসাইক ফাকুগুৰিৰে সেৱা জনোৱাৰ পিছত ভক্তপ্ৰাণ ৰাইজে গোঁসাইক সেৱা জনাব। লগতে হোলীগীতৰে মুখৰিত হৈ পৰিব বৰপেটা সত্ৰ।দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ভৰ দৌলৰ শুক্ৰবাৰে নিশা দৌলৰ পৰা গোসাঁইক নমাই যোগমোহন গৃহত ৰখা হ’ব ।
আনহাতে ১৯ মাৰ্চত বৰপেটাৰ বিখ্যাত ফাকুৱা বা ‘সুৱেৰী’ উত্সৱ। ৰঙৰ ৰম্যভূমি হৈ উঠিব সত্ৰনগৰী। সুৱেৰীৰ দিনা দিনৰ ভাগত গোঁসাইক বৰপেটা সত্ৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগৰ কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ লৈ যোৱা হয়। গোঁসাইক হেকেটা খুৱাই ঘূৰাই অনাৰ পিছত সত্ৰৰ টুপৰ চোতালত বাঁহ ভঙা কাৰ্য অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে গোঁসাইক কীৰ্তনঘৰৰ চাৰিওফালে সাতপাক ঘূৰাই বছৰটোৰ বাবে পূৰ্বৰ স্থানত প্ৰতিষ্ঠাপিত কৰা হ’ব।