Saru Mahanta passes away : শ্রীশ্রী উজনীয়াল সত্ৰৰ সত্ৰাধিকাৰ শ্রী লক্ষ্মীকান্ত মহন্তৰ সহধৰ্মিনী চাৰু মহন্তৰ পৰলোক প্ৰাপ্তি
নিউজ ডেস্ক,১আগষ্ট : টীয়কৰ উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ তথা শিৱসাগৰ ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ স্বত্বাধিকাৰ, আধ্যাত্মিক পণ্ডিত লক্ষীকান্ত মহন্তৰ পত্নী চাৰু মহন্তৰ দেহাৱসান ।বুধবাৰে নিশা প্ৰায় ১০ বজাত আকস্মিকভাৱে মৃত্যু হয় চাৰু মহন্তৰ(Saru Mahanta passes away)।
জানিব পৰা মতে, বুধবাৰে সন্ধিয়া অসুস্থ হৈ পৰা সৰবৰহী মহিলা তথা শংকৰী কৃষ্টিৰ সাধক মহিলাগৰাকীক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও নিশা প্ৰায় ১০ বজাত তেওঁৰ মৃত্যু ঘটে।
৮৬ বছৰ বয়সত মৃত্যুক সাৱটি লোৱা চাৰু মহন্তই মৃত্যুৰ সময়ত নব্বৈৰ উৰ্ধৰ স্বামীসহ ৫ জনকৈ সন্তান, বোৱাৰী তথা নাতিৰ লগতে অসংখ্য আত্মীয় আৰু গুণমুগ্ধক তেওঁ এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত শিৱসাগৰ নগৰৰ লগতে টীয়কত শোকৰ ছাঁ পৰিছে(Saru Mahanta passes away)।
লগতে পঢ়ক : Road Accident in Jamugurihat : দ-খাৱৈত বাগৰি পৰিল ছুইফ্ট ডিজায়াৰ বাহনে