Local, Vocal, Global

Sarbananda Sonowal Interacts with Rickshaw, Thela Drivers in Dibrugarh : ডিব্ৰুগড়ত ৰিক্সাচালক আৰু ঠেলাচালক লগ কৰি মতবিনিময় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

নিউজ ডেস্ক,৮অক্টোবৰ : ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টীত ব্যতিক্ৰমী ৰূপত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ এখন ঠেলাত বহি ৰিক্সাচালক আৰু ঠেলাচালকৰ লগত মতবিনিময় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ(Sarbananda Sonowal Interacts with Rickshaw, Thela Drivers in Dibrugarh)।

লগতে ৰিক্সাচালক, ঠেলাচালকসকলৰ সৈতে একেলগে পুৰি-চবজি খায় সময় পাৰ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সৰ্বানন্দ সোণোৱালে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰি সংবাদ মাধ্যমৰ আগত কয়, “আমাৰ লক্ষ্য- অন্ত্যোদয়াৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম-বিকাশ, সম-মৰ্যাদা সুনিশ্চিত কৰা। সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংশ ৰিক্সাচালক, ঠেলাচালকসকলৰ কষ্ট, কৰ্মোদ্যমে জীৱনৰ এক গভীৰ অৰ্থ বহন কৰি আহিছে।’’‘‘শাৰদীয় দুৰ্গোৎসৱৰ বতৰত তেওঁলোকক লগ পাই আপ্লুত হ’লো আৰু তেওঁলোকৰ সৈতে কথা-বতৰা পাতি দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ।’’

লগতে পঢ়ক :Drugs peddler arrested along with drugs : কাছাৰ আৰক্ষীৰ বিশেষ সাফল্য;জব্দ ৭ কোটি টকাৰ নিচা জাতীয় সামগ্ৰীৰ