Local, Vocal, Global

Sarbananda Sonowal arrived Dibrugarh : কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিচত আজি প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিউজ ডেস্ক,২০ জুন : কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাচত আজি প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত হয় ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পিছতে সোণোৱালক বিমানবন্দৰত উষ্ম আদৰণিদলীয় কৰ্মকৰ্তাসকলৰ(Sarbananda Sonowal arrived Dibrugarh) ।

বিহু, গায়ন-বায়নৰ লগতে বিভিন্ন সাংস্কৃতিক দলেও ডিব্ৰুগড়ৰ বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক।

ডিব্ৰুগড়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত সোণোৱালে কয়, “ৰাইজে যি সহযোগিতা কৰিলে তাৰ বাবে তেওঁলোকৰ ওচৰত মই চিৰ কৃতজ্ঞ ।”

দেশ মাতৃক সেৱা কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি গধুৰ দায়িত্ব দিছে, তাক নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ ৰাইজক দিহা পৰামৰ্শ দিবলৈও আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

লগতে পঢ়ক : DFO Caught Accepting Rs 30,000 Bribe In Golaghat : এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিলৰ সামাজিক বনানীকৰণৰ DFO