Sarbananda Sonowal Almost Confirmed for Modi Cabinet : মোডী মন্ত্ৰীসভাত অসমৰ পৰা সৰ্বানন্দ সোণোৱালৰ স্থান নিশ্চিত হৈছে

নিউজ ডেস্ক,৯জুন : তৃতীয়বাৰৰ ৰূপে প্ৰধানমন্ত্ৰীৰূপে আজি শপত ল’ব নৰেন্দ্ৰ মোডীয়ে। সন্ধিয়া ৭বাজি ১৫মিনিটত আৰম্ভ হ’ব মোডীৰ শপত গ্ৰহণ অনুষ্ঠান। আজি সন্ধিয়া প্ৰধানমন্ত্ৰীৰ লগতে অন্য কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। শপত গ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বাসভৱনত সম্ভাব্য মন্ত্ৰীৰ চাহমেল(Sarbananda Sonowal Almost Confirmed for Modi Cabinet; Invited to Prime Minister’s Residence)।
জানিব পৰ মতে, মোডী মন্ত্ৰীসভাত অসমৰ পৰা সৰ্বানন্দ সোণোৱালৰ স্থান নিশ্চিত হৈছে। মন্ত্ৰিত্ব লাভৰ সম্ভাৱনা থকা সাংসদসকল উপস্থিত হৈছে মোদীৰ বাসগৃহত। মোদীৰ বাসগৃহত উপস্থিত ডিব্ৰুগড়ৰ নৱনিৰ্বাচিত সাংসদ সৰ্বানন্দ সোণোৱাল।
অৱশ্যে এন ডি এৰ মিত্ৰদল অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নামো মোডী মন্ত্ৰীসভাত স্থান লাভ কৰিব লগা সাংসদসকলৰ ভিতৰত থাকিব বুলি চৰ্চা হৈছিল যদিও বৈশ্যই এই মূৰ্হুতলৈকে এই চাহমেললৈ নিমন্ত্ৰণ লাভ কৰা নাই(Sarbananda Sonowal Almost Confirmed for Modi Cabinet)।
এক সূত্ৰৰ পৰা জানিব পৰা মতে, মোদীৰ কেবিনেটত থাকিব পাৰে বিজেপিৰ এইসকল নেতা- ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰী, ডাঃ মহেশ শৰ্মা, অনিল বালুনী, ৰাধা মোহন দাস আগৰৱালা, এছ পি সিং বাঘেল, অনুৰাগ ঠাকুৰ, পীযুষ গোৱাল, মনসুখ মাণ্ডবিয়া, গিৰিৰাজ সিং, নিত্যানন্দ ৰায়, অৰ্জুনৰাম মেঘৱাল, গজেন্দ্ৰ সিং শ্বেখাৱত, ৰুডী, ভি ডি শৰ্মা, শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, বীৰেন্দ্ৰ খাটিক, কুলাষ্টে, ৰামবীৰ সিং বিধুৰি, কমলজিৎ ছেহৰাৱত, মনোহৰ লাল খট্টৰ, ৰাও ইন্দৰজিত, ভূপেন্দ্ৰ যাদৱ, ডাঃ জিতেন্দ্ৰ সিং, ব্যজয়ন্ত পাণ্ডা, অপৰাজিতা সাৰংগী, শান্তনু ঠাকুৰ, গাংগুলী, সুৰেশ গোপী, বিপ্লৱ দেৱ, সৰ্বানন্দ সোণোৱাল, হৰদীপ পুৰী, বিজয়পাল তোমৰ, তাপিৰ গাওঁ, সঞ্জয় বুণ্ডী/জি কিষাণ ৰেড্ডী, প্ৰহ্লাদ যোশী, শোভা কৰণজালে, পি চি মোহন, নাৰায়ণ ৰানে, শ্ৰীপদ নাইক, ডাঃ ভোলা সিং, অনুপ বাল্মিকী। আনহাতে সহযোগী দলৰ থাকিব পাৰে এইসকল নেতা- জয়ন্ত চৌধুৰী, সঞ্জয় ঝা, দেৱেশ চন্দ ঠাকুৰ, ৰবিন্দ্ৰ, চিৰাগ পাছৱান, কুমাৰ স্বামী, ৰাম মোহন নাইডু, প্ৰফুল্ল পেটেল, চন্দ্ৰ প্ৰকাশ চৌধুৰী, অনুপ্ৰিয়া পেটেল আদি।