WATCH | Sarbananda Sonowal : ৰঙালী বিহুৰ শুভেচ্ছা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
নিউজ ডেস্ক,১৫এপ্ৰিল : আজি পহিলা ব’হাগ। আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। গৰু বিহুৰ পিছদিনা অৰ্থাৎ পহিলা ব’হাগৰ দিনা মানুহ বিহু হিচাপে পালন কৰা হয়।
অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ মাদকতা অপৰিসীম । ই অসমীয়াৰ জাতীয় স্বাভিমান । বিহুক বাদ দি অসমীয়া জাতিৰ কথা ভাবিবই নোৱাৰি । তিনিটি বিহুৰ অন্যতম ব’হাগ বিহু বা ৰঙালী বিহুত ৰং আনন্দৰ প্ৰয়োভৰ সৰ্বাধিক(Sarbananda Sonowal)।
মূলতঃ সাত দিনীয়াকৈ পালন কৰা হয় ৰঙালী বিহু । চ’তৰ সংক্রান্তি অথবা দোমাহীৰ দিনাৰ পৰাই আৰম্ভ হয় ৰঙালী বিহু । প্ৰথম দিনা গৰু বিহু । পৰৱৰ্তী দিন কেইটাত ক্ৰমে মানুহ বিহু, গোসাঁই বিহু, তাঁত বিহু, নাঙল বিহু, চেনেহী বিহু আৰু চেৰা বিহু নামেৰে পালন কৰা হয় । অৱশ্যে অঞ্চলভেদে তৃতীয় দিনৰ পাছৰ দিন কেইটাৰ নাম প্ৰভেদ আছে ।
ৰঙালী বিহুৰ শুভেচ্ছা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
লগতে পঢ়ক :WATCH | Nalbari News : কেকানকুছি ৰংজালি সংঘৰ সৌজন্যত ১৭তম ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি