Local, Vocal, Global

WATCH | Sarbananda Sonowal: মাজত মাত্ৰ কিছু ক্ষণ;‘ঝুমইৰ বিনন্দিনী’ৰ আনন্দ-উল্লাসৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক,২৪ফেব্ৰুৱাৰী : মাজত মাত্ৰ কিছু ক্ষণ৷ ঝুমইৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ৰাজ্য চৰকাৰ৷

‘ঝুমইৰ বিনন্দিনী’ৰ আনন্দ-উল্লাসৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া(Sarbananda Sonowal)।

উল্লেখ্য যে,অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক এই ঝুমুৰ নৃত্যই গঢ়িব বিশ্ব অভিলেখ। ইয়াৰ পূৰ্বে কেতিয়াও একে স্থানত একে সময়তে ইমান বৃহৎ সংখ্যক শিল্পীয়ে পৰিৱেশন কৰা নাছিল ঝুমুৰ নৃত্য। মহিলা নৃত্যশিল্পীকে ধৰি পুৰুষ নৃত্যশিল্পীৰ লগতে ৯ হাজাৰৰো অধিক শিল্পীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

বিহুৰ পিছত অসম চৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলৰ চহকী সংস্কৃতি ঝুমুৰ নৃত্যক বিশ্বমুখী কৰাৰ প্ৰয়াসেৰে এই বিশাল আয়োজন কৰিছে। আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত সমগ্ৰ বিশ্বই উপভোগ কৰিব অসমৰ বিনন্দীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ এই ঝুমুৰ নৃত্য। এই অনুষ্ঠানক লৈ অত্যন্ত উৎসাহী দেখা গৈছে ঝুমুৰ শিল্পীসকলক।

লগতে পঢ়ক :WATCH | Jhumoir Binandini : মাজত মাত্ৰ কিছু ক্ষণ;ঝুমইৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ৰাজ্য চৰকাৰ