WATCH | Sankor Jyoti Baruah : নিজ বাসগৃহত উষ্ম আদৰণী শংকৰজ্যোতি বৰুৱাক
ডিব্ৰুগড়,২৮মে’ : মুকলি আকাশৰ তললৈ আহিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পাছত মঙলবাৰে বিয়লি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহে শংকৰজ্যোতি। জে’লৰ পৰা ওলায়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে শংকৰজ্যোতি বৰুৱাই। ৯দিনৰ পিছত নিজৰ বাসগৃহত উপস্থিত হয় শংকৰজ্যোতি বৰুৱা।।
নিজ বাসগৃহত উষ্ম আদৰণী জনাই শংকৰজ্যোতি বৰুৱাক(Sankor Jyoti Baruah)।
কাৰামুক্ত হৈ সংবাদমাধ্যমৰ সন্মুখত তেওঁ কয়, ‘জনতা-জনাৰ্দনে সকলো প্ৰত্যক্ষ কৰি থাকে। স্বাভিমানৰ পক্ষত মাত মতা সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষকৈ অসমৰ প্ৰতিটো সংবাদ গোষ্ঠী, দুলীয়াজানৰ ৰাইজ তথা ৰাজ্যৰ দল-সংগঠনক ধন্যবাদ জনাইছোঁ।’
হেণ্ডকাফ প্ৰসংগত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনে কয়, ‘মোক হেণ্ডকাফ লগাওঁতে ৩০৭ ধাৰা লগোৱা হোৱা নাছিল। পাঁচ বজাৰ পাছতহে ৩০৭ আৰোপ কৰা হৈছিল। কাৰোবাৰ নিৰ্দেশত হেণ্ডকাফ খুলি দিছিল। মোক ফেচবুক পোষ্টৰ বাবেহে গ্ৰেপ্তাৰ কৰিছিল।’
ইপিনে, কাৰাগাৰৰ পৰা ওলোৱাৰ পাছতেই শংকৰজ্যোতি বৰুৱাক লৈ চলিছে আন এক চৰ্চা। বিজেপিৰ প্ৰতীক সম্বলিত বাহনত প্ৰাক্তন আছুনেতাগৰাকীয়ে যাত্ৰা কৰাক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া।
লগতে পঢ়ক : WATCH | Sensational incident : গোলাঘাটৰ বাদুলীপাৰৰ সোণেশ্বৰ গগৈৰ হত্যাকাণ্ড প্রসংগ