Local, Vocal, Global

Sankardev Utsav : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ

দেৰগাঁও,১২অক্টোবৰ : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। ৰাজ্যজুৰি গুৰুজনাৰ জন্মোৎসৱ পালন।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ দেৰগাঁৱৰ ২নং ভকত চাপৰি নাৰায়ণ প্ৰাথমিকৰ দ্বাৰা ৰঙাগডা মিলনজ্যোতি আঞ্চলিকৰ সৌজন্যত গুৰুজনাৰ জন্ম জয়ন্তী পালন। দুই দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ(Sankardev Utsav)।

শনিবাৰে পুৱাই মিলনজ্যোতি আঞ্চলিকৰ সভাপতি শ্ৰীযুত অনিল দাস বাপ জনাই ধৰ্ম ধ্বজা উত্তোলন কৰে!তাৰ পিছত বৃক্ষ ৰোপন কৰে গাওঁৰে বুঢ়া ভকত শ্ৰীযুত লক্ষীৰাম দাস বাপে। দিনৰ ৯ বজাত ভাগৱত শোভাযাত্ৰা আৰম্ভ হয়। শতাধিক ভকত,আই মাতৃ আৰু গাঁৱৰ তৰুন -তৰুনীয়ে অংশ গ্ৰহন কৰে কাৰ্য্যসূচীত।আবেলি ৪বজাত গুৰুজনাৰ অমৰ সৃষ্টি “গুনমালা” কৃৰ্তণ পাঠ কৰা হয়!শতাধিক ভকত আৰু আইমাতৃয়ে নামঘৰত উপস্থিত হয় !দ্বিতৃয় বৈকুন্ঠ পুৰিলৈ ৰূপান্তৰিত হয় ২নং ভকত চাপৰি নামঘৰ!

লগতে পঢ়ক : Sankardev Utsav : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ