Local, Vocal, Global

Sankardev Utsav : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ

ধিং,১২অক্টোবৰ : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। ৰাজ্যজুৰি গুৰুজনাৰ জন্মোৎসৱ পালন। ৰাজ্যৰ চৌদিশে দূৰ্গাপূজাৰ ধামখুমীয়াৰ বিপৰীতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আজিৰে পৰা গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী উৎসৱ আৰম্ভ হৈছে।তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হবলগীয়া কাৰ্যসূচী আজিৰে পৰা অনুষ্ঠিত হৈছে কাৰ্যসূচীৰ(Sankardev Utsav)।

আজি পুৱা তাল কোবোৱা প্ৰসঙ্গ, মঞ্জীৰা নাম, আইসকলৰ নাম, খোল প্ৰসঙ্গৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। ইফালে গুৰু জন্মজয়ন্তী উপলক্ষে পুৱাৰে পৰা বটদ্ৰৱা থানত ভকত বৈষ্ণৱ, আইমাতৄৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। পুৱাৰে পৰা হৰি নাম কীৰ্ত্তনৰ শব্দৰে মুখৰিত হৈছে।

লগতে পঢ়ক : Fake currency notes seized :বকলীয়াঘাটত জালনোটসহ ৩ সৰবৰাহকাৰীক আটক