WATCH | Sankar Jyoti Baruah walks out of prison on bail : মুকলি আকাশৰ তললৈ শংকৰজ্যোতি বৰুৱা
ডিব্ৰুগড়,২৭মে’ : মুকলি আকাশৰ তললৈ শংকৰজ্যোতি বৰুৱা৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাল প্ৰাক্তন আছু নেতাগৰাকী৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভৰ পাছতেই মুকলি শংকৰজ্যোতি বৰুৱা ৷
কাৰাগাৰৰ পৰা ওলাই আহিয়েই সংবাদ মাধ্যম, দুলীয়াজান বাসী ৰাইজৰ লগতে সমূহ অসম বাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে শংকৰজ্যোতি বৰুৱাই( Sankar Jyoti Baruah walks out of prison on bail)।
উল্লেখ্য যে, দুলীয়াজানৰ BN Singh পেট্ৰল পাম্পত সংঘাতৰ অভিযোগত গ্ৰেপ্তাৰ হৈ যোৱা ১৯ তাৰিখৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিল শংকৰজ্যোতি বৰুৱা। শংকৰজ্যোতি বৰুৱাৰ বিৰূদ্ধে ৰুজু হৈছিল দুটাকৈ গোচৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৩০ হাজাৰ টকাৰ বেল বণ্ডৰ বিনিময়ত অন্তৰ্ৱৰ্তীকালীন জামিন দিয়াৰ পিছতেই আজি মুকলি আকাশৰ তললৈ ওলাই আহে শংকৰজ্যোতি।
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰত অগণন শুভাকাঙ্খীয়ে শুভেচ্ছা জনাই শংকৰজ্যোতি বৰুৱাক। শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ কথাটো নিজ মুখেৰে স্বীকাৰ কৰে শংকৰজ্যোতি বৰুৱাই।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ তৌভঙাৰ নবিল গাঁৱত কৈৱৰ্ত্ত মহিলা সভা অসমৰ বৃহৎ সভা সম্পন্ন