Sand mining at Jorhat : যোৰহাটত বালি মাফিয়াৰ দপদপনি
যোৰহাট,২৪ডিচেম্বৰ : যোৰহাটত বালি মাফিয়াৰ দপদপনি। ফৰলেনৰ নাম লৈ যোৰহাটত একাংশ বালি মাফিয়াই চলাই গৈছে অবৈধ চিণ্ডিকেট । ফৰলেনৰ বালি বুলি কৈ ককিলামুখ ৬ নম্বৰ বালিমহলৰ পৰা তৰাজান এটি ৰড সোনালী জয়ন্তী নগৰত চাপ্লাই হয় এই বালি(Sand mining at Jorhat)।
কাক মেনেজ কৰি কোনে চলাই গৈছে এই চিণ্ডিকেট ?
ফৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি থকাৰ সুযোগ বুজি একাংশ বালি মাফিয়াই দিনে নিশাই চলাই গৈছে বালিৰ চিণ্ডিকেট । বন বিভাগৰ নাকৰ তলেদি দিনে নিশাই এই চিণ্ডিকেট চলি থকাৰ পাছতো কিয় নিৰৱ যোৰহাট বন বিভাগ। যোৰহাট বন বিভাগৰ বিষয়াৰ জেপত মোটাৰ অংকৰ ধন সোমাইছে নেকি ?বালি মাফিয়াৰ দপদপনিত অতিষ্ট হৈ ৰাইজে ইতিমধ্যে ২২ খন ডাম্পাৰ জব্দ কৰিছে।
জানিব পৰা মতে, এই অবৈধ বালি চিণ্ডিকেটৰ লগত সন্দেহ জনক ভাৱে জড়িত একাংশ ফৰলেনৰ কোনো সংশ্লিষ্ট বিষয়া আৰু বালি মাফিয়া মিলি চলাই গৈছে এই বৃহত চিণ্ডিকেট । এই সমগ্ৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতেই যোৰহাট জিলা প্ৰশাসনে তদন্ত কৰিবনে সেয়া লক্ষনীয় হব ?
লগতে পঢ়ক :Pradhan Mantri Awas Yojana :PMAY গৃহ আৰু ৰেচন কাৰ্ডক লৈ বিলাসীপাৰাত ভয়ংকৰ দুৰ্নীতি