Sand-laden truck overturns on hut in UP : বালি ভৰ্তি ট্ৰাক বাগৰি পৰিল জুপুৰিত,নিহত একেটা পৰিয়ালৰ ৮জনকৈ সদস্য
নেশ্যনেল ডেস্ক,১৩জুন : উত্তৰ প্ৰদেশৰ হাৰোদয় জিলাত শোকাৱহ দুৰ্ঘটনা। নিহত একেটা পৰিয়ালৰ ৮গৰাকীকৈ লোক ।
ঘটনা অনুসৰি, এখন বালি কঢ়িওৱা ট্ৰাকে ৰাজপথত চাৰিচকীয়া বাহনত খুন্দ মাৰে আৰু ট্ৰাকখনৰ সকলো বালি এটা জুপুৰিৰ ওপৰত পৰে। ফলত জুপুৰীটোত থকা লোকসকলক ভিতৰতে আৱদ্ধ হৈ পৰে । এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে বালি আৰু ট্ৰাক আঁতৰাই আবদ্ধ হোৱা লোকসকলক উলিয়াই আনে। কিন্তু সেই সময়লৈকে ৪টা শিশুকে ধৰি আঠজন লোকৰ মৃত্যু হয়। আনহাতে এই দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়(Sand-laden truck overturns on hut in UP, 8 of a family killed) ।
এই ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত জিলা দণ্ডাধীশ এম.পি. সিঙে কয় যে , দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন গংগাৰ পাৰৰ পৰা বালি লৈ হাৰদোয়লৈ গৈ আছিল। অধিক বালিৰ বাবে ট্ৰাণিং লওতে উলটি পৰি ট্ৰাকখন। ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।” এই ভয়ংকৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰু ততাতৈয়াকৈ ট্ৰাকৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে, কিন্তু এগৰাকী ছোৱালীৰ বাহিৰে বাকী আটাইকেইগৰাকী লোকেৰে মৃত্যু হয়।
আৰক্ষীৰয়ে JCB ব্যৱহাৰ কৰিও উদ্ধাৰ অভিযান চলাই। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকল হ’ল বল্লা (৪৫), পত্নী মুণ্ডী (৪২), কন্যা সুনাইনা (৫), কন্যা লাল্লা (৪), কন্যা বুদ্ধু (৪), কৰণ (২৫), হীৰা (২২) আৰু তেওঁলোকৰ পুত্ৰ বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে দুৰ্ঘটনাত সংঘটিত কৰা ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক : Food poisoning case in Sonitpur : খাদ্যত বিষক্ৰিয়া হৈ একেটা পৰিয়ালৰ পাঁচজনকৈ লোক অসুস্থ,মৃত্যু এজনৰ