Samuguri road Accident : চামগুৰিত ভিডিঅ’ সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যু, হত্যাৰ অভিযোগ পৰিয়ালৰ

নিউজ ডেস্ক, ১৭ জুলাই : দেওবাৰে নিশা চামগুৰিৰ বৰভেটিত ৰহস্যজনকভাৱে উদ্ধাৰ হয় যুৱ সাংবাদিক ধনটী হীৰাৰ মৃতদেহ (Samuguri road Accident) । এটা ছেটেলাইত চেনেলৰ ভিডিঅ’ জাৰ্ণেলিষ্ট হিচাপে কৰ্মৰত ধনটী হীৰাই নিশা কৰ্তব্যৰ পৰা ঘৰলৈ ঘূৰি যোৱাৰ পথত এক মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাবটি লয় । কিন্তু দুৰ্ঘটনাৰ ফলতে ধনটিৰ মৃত্যু হৈছে বুলি মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে(Samuguri road Accident dead video journalist) ।
দুজন বন্ধুসহ চামগুৰিৰ বকুলতলৰ পৰা দেওবাৰে নিশা খাটোৱালস্থিত ঘৰৰ অভিমুখে বাইকেৰে আহি আছিল ধনটি হীৰা (Family Alleges Murder)। দুৰ্ঘটনাটোৰ ফলত দুয়োজন বন্ধুসহ ধনটি হীৰা আৰু পথত ৰৈ থকা আন দুজন যুৱক আহত হয় ।
একাংশ লোকৰ মতে, এগৰাকী বন্ধুৰ সৈতে মটৰ চাইকেলত বহি গৈছিল ধন্তী। পিছে বৰভেটিত নিশা দুগৰাকী পথচাৰীক মহতিয়াই নিয়াৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথাও পোহৰলৈ আহিছে । এই দুৰ্ঘটনাৰ ফলত ধন্তী হীৰা মটৰ চাইকেলৰ পৰা চিটিকি পৰিছিল যদিও মটৰ চাইকেলখনৰ চালক তথা তেওঁৰ বন্ধুগৰাকীয়ে সেই স্থানৰ পৰা পলায়ন কৰে ।
ইয়াৰ পিছতে আঘাতপ্ৰাপ্ত ধন্তীক নিশা কোনো লোকে মাৰধৰ কৰাৰ ফলতেই তেওঁৰ মৃত্যু হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে । ধন্তীৰ মূৰৰ পিছফালে আঘাতৰ চিনো পোৱা গৈছে আৰু মগজুৰ পৰা তীব্ৰ ৰক্তক্ষৰণ হোৱাৰ ফলতেই ধন্তীৰ মৃত্যু হয় ।
ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেল খন উদ্ধাৰ কৰাৰ লগতে ধনটি হীৰাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত । আনপিনে দুৰ্ঘটনাস্থলীত নিশাই নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে।
উল্লেখযোগ্য যে, ধনটিৰ পিতৃ মহেশ্বৰ হীৰাও অসম আৰক্ষীৰ বিশেষ সেৱাৰ এগৰাকী সাহসী বিষয়া । মহেশ্বৰ হীৰাৰ একমাত্ৰ পুত্ৰ সন্তান ধনটি হীৰাও এগৰাকী অমায়িক যুৱক হিচাপে অঞ্চলটোত জনপ্ৰিয় আছিল । প্ৰায় ৩বছৰ পূৰ্বে সাংবাদিকতাত যোগদান কৰা যুৱ সাংবাদিক গৰাকীৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে ।
নিশাই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ধনটীৰ গুণমুগ্ধই ভিৰ কৰে । ধন্তী হীৰাৰ বিয়োগত নগাঁও প্ৰেছ ক্লাৱ, পুৰণিগুদাম প্ৰেছ ক্লাৱ, চামগুৰি প্ৰেছ ক্লাৱ, নগাঁও ইলেকট্ৰনিক এণ্ড ডিজিটেল মিডিয়া এছ’চিয়েচন আদি সংগঠনসমূহৰ লগতে জনসংযোগ মন্ত্ৰী পীযূষ হাজৰিকা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।